পূব ভাৰতৰ বৃহত্তম সামুদ্ৰিক মাছ নিলাম কেন্দ্ৰ, মেদিনীপুৰ জিলাৰ দিঘা মোহনাত এক অদ্ভুত ধৰণৰ মাছ দেখা পোৱা যায়৷ বজাৰত এই অদ্ভুত তথা বিৰল প্ৰকৃতিৰ মাছতো চাবলৈ স্থানীয় ৰাইজৰ হেতা-ওপৰা লাগে৷ বিভিন্ন সময়ত দিঘা মোহনা মৎস্য নিলাম কেন্দ্ৰত বিভিন্ন ৰকমৰ সামুদ্ৰিক মাছ প্ৰত্যক্ষ কৰি অহা হৈছে৷ জানিব পৰা মতে স্থানীয় মৎস্যজীৱী সুভাষ চাহুৰ জালত পৰিছিল এই বিশেষ ধৰণৰ মাছটো৷ মাছটো দেখাত গোলাকাৰ, মুখখন সৰু আকাৰৰ৷ কিন্তু আচৰিত কথাটো হ’ল যে মাছটোৰ মূৰ আৰু দেহ আছে যদিও ফিচা নাই৷ স্থানীয় ভাষাত এই মাছটোৰ নাম বৃহন্নলা মাছ৷ স্থানীয় লোকসকলে কোৱা মতে এই প্ৰজাতিৰ মাছ সচৰাচত দেখা পোৱা নায়ায়৷ এই অদ্ভুত ধৰণৰ মাছটোক লৈ এতিয়া স্থানীয় লোকৰ মাজত কৌতূহলৰ সৃষ্টি হৈছে৷ কিছু লোকে কোৱা মতে এই মাছটো খোৱাৰ উপযোগী নহয়৷ আনহাতে আন কিছুমানে মত ব্যক্ত কৰিছে যে এই মাছ জালত ধৰা পৰাটো একপ্ৰকাৰ অশুভ ইংগিত৷ এই মাছটোক লৈ যিয়েই মত ব্যক্ত নকৰক কিয়, মুঠতে এইধৰণৰ বিৰল প্ৰজাতিৰ মাছ স্থানীয় লোকে প্ৰত্যক্ষ কৰে৷