কিহনু : য’ত কেৱল মহিলাই আধিপত্য বিস্তাৰ কৰে

0
159

পৃথিৱীত এনেকুৱা কিছুমান ঠাই আছে, য’ত নাৰীয়ে আধিপত্য বিস্তাৰ লাভ কৰি আছে৷ মহিলাৰ আধিপত্য থকা তেনেকুৱা এটা দ্বীপ আছে এষ্টনিয়াত৷ এষ্টনিয়াৰ এই দ্বীপটোত মহিলাৰ আধিপত্য চলে৷ মহিলাসকলেই হৈছে এই দ্বীপটোৰ সৰ্বেসৰ্বা৷ এই দ্বীপটোৰ সকলো কামতে মহিলাসকলে আগভাগ লয়৷ এই দ্বীপটোৰ নাম হৈছে কিহনু৷ কিহনু দ্বীপটোৰ মুঠ জনসংখ্যাৰ ৯০ শতাংশৰো বেছি হ’ল মহিলা৷ এই মহিলাসকলে দ্বীপটোৰ সকলো দায়িত্ব চম্ভালে৷ এই দ্বীপটোৱে ইউনেস্ক’ৰ ইণ্টেজিবল কালচাৰেল হেৰিটেজৰ তালিকাতো স্থান লাভ কৰিছে৷ এই দ্বীপৰ পুৰুষসকলে কৰ্মৰ সন্ধানত বাহিৰলৈ ওলাই যায়৷ ফলত দ্বীপটোৰ সকলো দায়িত্ব মহিলাসকলৰ কান্ধত পৰে আৰু মহিলাসকলেও এই দায়িত্ব সুচাৰুৰূপে পালন কৰি আহিছে৷ এই দ্বীপটোক সেয়েহে মহিলাৰ দ্বীপ বুলিও কোৱা হয়৷ মহিলাসকলে দ্বীপটোত উৎসৱ-পাৰ্বণ অতি ধুমধামেৰে পালন কৰে৷ আনকি কোনো লোকৰ মৃত্যু হ’লে মহিলাসকলেই শেষকৃত্য সমাপন কৰে৷ উল্লেখ্য যে দ্বীপটোৰ সকলো দায়িত্ব মহিলাৰ ওপৰ্ত ন্যস্ত আছে যদিও ইয়াত চুৰি-ডকাইতিৰ দৰে ঘটনা সংঘটিত হোৱা নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here