সন্তানৰ জন্ম, লালন-পালনৰ বাবেমহিলাক শাস্তি দিয়া উচিত নহয়

0
239


সন্তানৰ জন্ম, সন্তানৰ লালন-পালন তথা তেওঁলোকৰ নিজৰ পচন্দ-অপচন্দৰ বিষয়বোৰৰ বাবে মহিলাসকলৰ শাস্তি দিয়াটো গ্ৰহণযোগ্য নহয়৷ এইদৰে মত ব্যক্ত কৰিছে দেশৰ প্ৰধান বিচাৰপতি ডি ৱাই চন্দ্ৰচূড়ে৷ বিচাৰপতিজনে প্ৰকাশ কৰা মতে আমি জনা উচিত যে মহিলাসকলৰ সন্তান জন্ম দিয়া তথা লালন পালন কৰাৰ বাবে অপৰাধী সজোৱা তথা শাস্তি দিয়াটো কেতিয়াও সমৰ্থনযোগ্য হ’ব নোৱাৰে৷ আনহাতে আইনী বৃত্তিত মহিলাৰ সংখ্যা তাকৰীয়া হোৱাৰ কাৰণ সন্দৰ্ভত তেওঁ যুক্তি দৰ্শায় যে মহিলাৰ সম্পৰ্কে কিছু নেতিবাচক ধ্যান-ধাৰণাৰ বাবে এই পেছাত মহিলাৰ সংখ্যা কমি যোৱাৰ মুল কাৰণ৷ তামিলনাডুৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি আইনৰ পেছাত মহিলাৰ কম পৰিসংখ্যাৰ বিষয়টো ছুপ্ৰীম ক’ৰ্টত উত্থাপন কৰাৰ কথা উল্লেখ কৰে৷ তেওঁ জনোৱা মতে তামিলনাডুত ৫০ হাজাৰ পুৰুষ আইনজীৱীৰ ভিতৰত মহিলাৰ সংখ্যা মাত্ৰ পাঁচ হাজাৰ৷ আনহাতে দেশৰ অইন ৰাজ্যবোৰতে এই পেছাত জড়িত মহিলাৰ সংখ্যা তেনেই কম বুলিও তেওঁ উল্লেখ কৰে৷ বিভিন্ন সময়ত মহিলাই কাম কৰিব নোৱাৰিব, তেওঁলোকৰ পৰিবাৰিক সমস্যা বহুত আদি অজুহাতেই মহিলাৰ সংখ্যা কম হোৱাৰ প্ৰধান কাৰণ বুলিও তেওঁ সদৰী কৰে৷ দেশৰ প্ৰধান বিচাৰপতিজনে কয় যে আমি জনা উচিত যে সন্তান জন্ম দিয়া, লালন-পালন কৰা, সন্তানৰ যত্ন লোৱা আদি তেওঁলোকৰ পচন্দ-অপচন্দৰ বিষয়, এই দায়িত্ব পালনৰ বাবে এজন পুৰুষেও কমিব পাৰে৷ তাৰ বাবে মহিলাগৰাকীক শাস্তি দিয়াটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here