সমুদ্ৰৰ জলপৃষ্ঠৰ উচ্চতা
বৃদ্ধিয়ে এতিয়া পৃথিৱীলৈ বিনাশ মাতি অনাৰ আশংকা কৰা হৈছে৷ গৱেষকসকলে উত্তৰ ডাকোটা আৰু কানাডাৰ মাজত থকা ৫.১৮ লাখ বৰ্গ কিলোমিটাৰৰ বেকেন ফৰ্মেছন নামৰ এলেকাত কৰা গৱেষণাই এনে আশংকা ঘনীভূত কৰিছে৷ বেকেন ফৰ্মেছন আমেৰিকাৰ সৰ্ববৃহৎ প্ৰাকৃতিক গেছ আৰু তেলৰ ভাণ্ডাৰ৷ গৱেষকসকলে ব্লেক শ্বেলৰ অধ্যয়নৰ পৰা ভয়াৱহ তথ্য লাভ কৰিছে৷ তেওঁলোকে লাভ কৰা তথ্যৰ পৰা জানিব পৰা মতে পৃথিৱীত পূৰ্বতে কেইবাবাৰো অক্সিজেনৰ মাত্ৰা হ্ৰাস পাইছিল৷ হাইড্ৰজেন ছালফাইডৰ মাত্ৰা অহৰহ বৃদ্ধি পাইছিল৷ আজিৰ পৰা ৪১.৯ কোটিৰ পৰা ৩৫.৮৯ কোটি বছৰৰ পূৰ্বে পৃথিৱীৰ বিভিন্ন প্ৰান্তত সামূহিক বিনাশ প্ৰক্ৰিয়া চলি আছিল৷ হাইড্ৰজেন ছালফাইড উৎপন্ন হয় সাগৰৰ উপকূলত শেলাই গেলিবলৈ লোৱাৰ ফলত৷ ইয়াৰ ফলত সমুদ্ৰৰ পানীত অক্সিজেনৰ পৰিমাণ দ্ৰুতগতিত হ্ৰাস পাবলৈ ধৰে৷ মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ ভূতত্ত্ববিদ এলন জে কাফমেক্সৰ মতে হাইড্ৰজেন ছালফাইডে পূৰ্বতে কেইবাবাৰো পৃথিৱীত সামূহিক বিনাশৰ সৃষ্টি কৰিছিল৷ আনহাতে গৱেষকসকলে এইবুলি সতৰ্ক কৰি দিছে যে বৰ্তমান যিটো হাৰত জলবায়ু পৰিৱৰ্তন হৈছে আৰু বিশ্বৰ উষ্ণতা বৃদ্ধি পাইছে, তাৰ ফলত সমুদ্ৰই এদিন পৃথিৱীৰ বিনাশ মাতিব৷ এইদৰে ঘটি থকাৰ ফলত অক্সিজেনৰ মাত্ৰা কমি যাব আৰু হাইড্ৰজেন ছালফাইড বৃদ্ধি পোৱাৰ লগতে সমু্দ্ৰৰ জলস্তৰো বৃদ্ধি পোৱা ফলত সামুদ্ৰিক জীৱ ভূভাগলৈ ওলাই আহিব আৰু মানুহক চিকাৰ কৰিবলৈ ল’ব৷ সমুদ্ৰৰ পৰা অহা জীৱৰ বিবৰ্তন হৈ লাহে লাহে নতুন জীৱৰ সৃষ্টি হ’ব আৰু ইয়াৰ লগতে সৃষ্টি হ’ব নতুন নতুন উদ্ভিদৰ৷ মানুহৰ বসতিস্থল জন্তুৱে দখল কৰিব৷ গৱেষকসকলে জনোৱা মতে পৃথিৱীৰ সামূহিক বিনাশৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে৷ কোটি কোটি জীৱৰ প্ৰজাতি বিলুপ্তি হৈছে৷ বায়’লজিকেল ৰিভিউ নামৰ জাৰ্নেলত প্ৰকাশিত এক প্ৰতিবেদন এই কথা কোৱা হৈছে৷