২০২৫ চনৰ ভিতৰতভাৰতৰ যক্ষ্মা নিৰ্মূলৰ লক্ষ্য

0
267


দেশত যক্ষ্মা নিৰ্মূলকৰণৰ বাবে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এলানি কাৰ্যসূচী মুকলি কৰে৷ এই কাৰ্যসূচী মুকলি কৰি মোদীয়ে কয় যে ভাৰতৰ বসুধৈৱ কুতুম্বকম ভাবাদৰ্শই আধুনিক বিশ্বক এক সংহত দৃষ্টিভংগী আৰু সমাধান দিছে৷ বিশ্ব যক্ষ্মা দিৱস উপলক্ষে ৱান ৱল্ডৰ্ টিবি ছামিটত ভাষণ দি মোদীয়ে কয় যে যক্ষ্মা নিৰ্মূলকৰণৰ বাবে আন্তঃৰাষ্ট˜ীয় লক্ষ্য ২০৩০ চন, কিন্তু ভাৰতে ২০২৫ চনৰ ভিতৰত যক্ষ্মা নিৰ্মূল কৰিবলৈ কাম কৰি আছে৷ তেওঁ লগতে কয় যে ভাৰতে ‘এখন পৃথিৱী-এটা স্বাস্থ্য’ ভৱিষ্যদৃষ্টি বিশ্বলৈ আগবঢ়াই দিছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা জ্ঝ বছৰত ভাৰতে যক্ষ্মাৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজি আছে আৰু নতুন নতুন পদক্ষেপ লৈছে৷ তেওঁ উল্লেখ কৰে যে যক্ষ্মা ৰোগৰ ৮০ শতাংশই ঔষধ ভাৰতত উৎপাদন কৰা হয় আৰু ইয়াৰ পৰা আন দেশবোৰো উপকৃত হৈছে৷ আনহাতে মোদীয়ে কয় যে আমাৰ দেশৰ ১০-১২ বছৰীয়া শিশুৱেও যক্ষ্মাৰ বিৰুদ্ধে যুঁজ আগুৱাই নিছে আৰু তেওঁলোকে যক্ষ্মা ৰোগীসকলৰ বাবে ১০০০ কোটিৰো অধিক টকা দান দিছে৷ আনহাতে যক্ষ্মা ৰোগীসকলৰ বেংক একাউণ্টত ২০১৮ চনৰ পৰা প্ৰায় ২০০০ কোটি টকা প্ৰত্যক্ষভাৱে জমা দিয়া হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here