তেজস্ক্ৰিয় বিকিৰণৰ ৩৫ বছৰ পাছতো জীয়াই আছে কুকুৰ : ক’ত?

0
278


বিশ্বৰ ইতিহাসত আটাইতকৈ ভয়ংকৰ পাৰমাণৱিক দুৰ্ঘটনাটো সংঘটিত হৈছিল ১৯৮৬ চনত চাৰ্নবিলত৷ এই দুৰ্ঘটনাটোৰ আজি ৩৫ বছৰ পাৰ হ’ল৷ তেজস্ক্ৰিয় বিকিৰণৰ ফলত সেই তেতিয়াৰে পৰা আজিপৰ্যন্ত তাত কোনোধৰণৰ বংশবৃদ্ধি নোহোৱাৰ বাবে মানুহৰ বসতি শূন্য৷ কিন্তু আচাৰিত কথাটো হ’ল এতিয়াও তাত জীয়াই আছে কুকুৰ৷ কেৱল ইমানেই নহয়, তাত থকা কুকুৰবোৰে বংশবৃদ্ধিও কৰিছে৷ চাৰ্নবিলত থকা কুকুৰক লৈ বিজ্ঞানীসকলে কৰা এটা অধ্যয়নত আশ্চৰ্যজনক তথ্য লাভ কৰিবলৈ সক্ষম হৈেছ৷ চাৰ্নবিলত এতিয়াও যিবিলাক কুকুৰ জীয়াই আছে, সিহঁতৰ পূৰ্বজ দুৰ্ঘটনাটোৰ সময়ত পোহনীয়া আছিল৷ পাৰমাণৱিক বিস্ফোৰণৰ পাছতো তাত কুকুৰ জীয়াই থকাৰ লগতে বংশবৃদ্ধিও কৰিছে৷ সমগ্ৰ বিশ্বৰে বিজ্ঞানীসকলে এইবুলি মত প্ৰকাশ কৰিছে যে এই কুকুৰবিলাকক লৈ কৰা অধ্যয়নে মানুহক অতি বিপজ্জনক তেজস্ক্ৰিয় বিকিৰণ হৈ থকা অঞ্চলটোত মানুহ কেনেকৈ নিৰাপদে জীয়াই থাকিব পাৰে, তাৰ শিক্ষা দিব পাৰে৷ আনহাতে বিজ্ঞানীসকলে কুকুৰৰ এনে এটা প্ৰজাতি চিনাক্ত কৰিছে, যিটো তেজস্ক্ৰিয় বিকিৰণৰ পাছতো জীয়াই আছে আৰু আনুবংশিকভাৱে আন কুকুৰতকৈ পৃথক৷ এই সম্পৰ্কে এখন প্ৰতিবেদন ছায়েন্স এডভান্সেজ নামৰ পত্ৰিকাখনত প্ৰকাশ পাইছে৷ ইয়াত প্ৰকাশ পোৱা মতে নিষিদ্ধ অঞ্চলটোত ৩০২টা কুকুৰ পোৱা গৈছে আৰু এই কুকুৰবোৰে মুকলিকৈ ঘূৰি আছে৷ ইয়াত কুকুৰৰ ১৫ টা প্ৰজন্ম কেনেকৈ জীয়াই আছে, তাক লৈ বিজ্ঞানীসকলে আচৰিত হৈছে৷ এতিয়া বিজ্ঞানীসকলে কুকুৰবোৰৰ ওপৰত তেজস্ক্ৰিয় বিকিৰণে কেনে ধৰণৰ প্ৰভাৱ পেলাইছে, সেইটো জনাৰ চেষ্টা কৰি আছে৷ উল্লেখ্য যে ১৯৮৬ চনৰ চ্ছ এপ্ৰিলত ইউক্ৰেইনত এটা পাৰমাণৱিক বিদ্যুৎ প্ৰকল্পত বিস্ফোৰণ হৈছিল৷ এই বিস্ফোৰণৰ পাছতে বৃহৎ পৰিমাণৰ তেজস্ক্ৰিয় বিকিৰণ হৈছিল আৰু কেইবা হাজাৰ লোকৰ মৃত্যু হৈছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here