ছুইংগামে মনোযোগ বৃদ্ধি কৰেনে?

0
2482

ৰাতিপুৱাৰ ভাগত যদি কোনো কামত মন বহুৱাব পৰা নাই, তেন্তে এটা ছুইংগাম চোবাওক৷ ছুইংগামে আপোনাৰ মন-মগজু সক্ৰিয় কৰি তুলিব পাৰে৷ গৱেষণা কৰি পোৱা গৈছে যে পদিনা ফ্লেভাৰৰ গাম চোবালে ভাগৰ অনুভৱ কমি যায়৷ ছুইংগামে মানসিক চাপ আৰু দুশ্চিন্তা নোহোৱা কৰে৷ ছুইংগামে আমাৰ মনৰ চিন্তা শক্তিক সুদৃঢ় কৰে৷ মনোযোগ বৃদ্ধিত ছুইংগামে অৰিহণা যোগায়৷ ছুইংগাম চোবোৱাৰ ফলত মগজুৰ তেজ সঞ্চালন প্ৰক্ৰিয়া উন্নত হয় আৰু ইয়াৰ সক্ৰিয়তা বঢ়াই তোলে৷ বিশ মিনিটমান ছুইংগাম চোবালে আমাৰ হৃদস্পন্দন বৃদ্ধি হয়৷ ইয়াৰ ফলত মগজুলৈ অক্সিজেন আৰু নিউট্ৰিয়েনচ সৰবৰাহ হয়৷ সেয়েহে আহক সঠিক মাত্ৰাত ছুইংগাম চোবাই আমাৰ মন সক্ৰিয় আৰু কাৰ্যক্ষম হোৱাত সহায় কৰোঁ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here