প্লাষ্টিক এতিয়া সকলোৰে জীৱনৰ অংশস্বৰূপ হৈ পৰিছে৷ বিশেষকৈ খোৱাপানীৰ বটল৷ আনহাতে প্লাষ্টিকৰ পানীৰ বটল এতিয়া সকলোতে সহজলভ্য৷ ঘৰে-বাহিৰে যেনিয়ে হাত মেলে সকলোতে প্লাষ্টিকৰ বটল পোৱা যায়৷ গৰমৰ দিনত গৰমৰ পৰা সকাহ পাবলৈ সকলোৱে ফ্ৰীজত প্লাষ্টিকৰ বটলত খোৱাপানী ৰাখে আৰু যেতিয়াই মন যায় উলিয়াই আনি খোৱা হয়৷ এইদৰে ফ্ৰীজত একেটা বটলতে কেইবামাহ ধৰি পানী ৰখা হয় আৰু এই পানীকে আমি সেৱন কৰি তৃষ্ণা দূৰ কৰোঁ৷ এই বটলবোৰ কেতিয়াবা উলিয়াই অখালি পুনৰ একেটা বটলতে পানী ভৰাই ফ্ৰীজত ৰাখো৷ এই কাম আমি সকলোৱে কৰোঁ৷ কিন্তু এই কাম কৰাটো উচিতনে? ইয়াৰ বিচাৰ কৰিবৰ হ’ল৷ আপুনিও যদি এই কাম কৰে তেনেহ’লে এতিয়াৰ পৰা অলপ সাৱধান হওক৷ কিয়নো এইদৰে ফ্ৰীজত দীৰ্ঘসময়ৰ বাবে পানী ৰখা বটলত লাখ লাখ বেক্টেৰিয়াই বাস লয়৷ এই বেক্টেৰিয়াবোৰে পানী খাওঁতে পেটলৈ কি কি বিপদ ঘটায়, সেয়া জনাটো ভাল৷ প্লাষ্টিকৰ বটলত থকা মাৰাত্মক বেক্টেৰিয়াবোৰে মানুহৰ শৰীৰৰ বিভিন্ন সমস্যাৰ সৃষ্টি কৰে৷ আমেৰিকাৰ প্ৰতিষ্ঠান ৱাটাৰ ফিল্টাৰ গুৰুৱে এই ভয়াৱহ তথ্য প্ৰকাশ কৰিছে৷ তেওঁলোকে প্ৰকাশ কৰা মতে পুনৰ ব্যৱহাৰ কৰিব পৰা পানীৰ বটলত টয়লেটতকৈও ৪০ হাজাৰ গুণ বেছি বেক্টেৰিয়া থাকে৷ এই বটলবোৰক বেক্টেৰিয়া পৰ্টেবল হাউছ বুলিও কোৱা হয়৷ এই বেক্টেৰিয়াবোৰ ইমানেই বিপজ্জনক যে মানুহৰ শৰীৰত ই এনেকুৱা অৱস্থাৰ সৃষ্টি কৰে যে এণ্টিবায়’টিকেও কাম নকৰা হয়৷ অধ্যয়নটো মতে এই বেক্টেৰিয়াবোৰ অতি শক্তিশালী, আনকি বটল ভালদৰে ধোৱাৰ পাছতো এইবোৰ নাতৰে৷ ইম্পিৰিয়েল কলেজ অব লণ্ডনৰ অধ্যাপক এন্দ্ৰু এডৰ্ৱছনৰ মতে এই বটলবোৰৰ বাবে এতিয়া মানুহৰ মুখ বেক্টেৰিয়াৰ ঘৰ হৈ পৰিছে৷ প্লাষ্টিকৰ বটলবোৰ বেক্টেৰিয়াৰ প্ৰজননস্থলী হৈ পৰিছে৷ এনেকুৱা পানীৰ বটলৰ এক বৰ্গ চেণ্টিমিটাৰ এলেকাত ৯ লাখ বেক্টেৰিয়াই বাস কৰিব পাৰে৷