শূন্য ডিগ্ৰী শীততো এটা হ্ৰদৰ পানী বৰফ নহয় : ক’ত ?

0
274


হিমালয়ৰ শীতকালত সকলো হ্ৰদৰে পানী বৰফলৈ ৰূপান্তৰিত হয়৷ ভূপৃষ্ঠৰ পৰা সোতৰ হাজাৰ এশ ফুট উচ্চতাত অৱস্থিত হ্ৰদৰ পানী গোট মাৰি কঠিন বৰফত পৰিণত হয়, সেয়া এক স্বাভাৱিক প্ৰক্ৰিয়া৷ শীতকালত পাৰাস্তম্ভ মাইনাছ ডিগ্ৰী ছেলচিয়াছত বৰফৰ আস্বাদনেৰে গোটেই হ্ৰদবোৰে ঢাক খাই পৰে৷ কিন্তু আচৰিত কথা হ’ল এই যে এই হ্ৰদবোৰৰ ভিতৰত এটা হ্ৰদৰ এটা অংশৰ পানী মাইনাছ ডিগ্ৰী ছেলচিয়াছতো গোট নামাৰে৷ অৰ্থাৎ যিমানেই ঠাণ্ডা নহওক কিয় ইয়াৰ পানী টলটল হৈ থাকে, কেতিয়াও বৰফ নহয়৷ হিমালয়ৰ উচ্চতাত থকা আটাইবোৰ হ্ৰদৰে পানী গোট মাৰিলেও অস্বাভাৱিকভাৱে এই হ্ৰদটোৰ অংশবিশেষ বৰফলৈ পৰিণত নহয়৷ ইয়াৰ অৱশ্যেই কাৰণ নথকা নহয়৷ কথিত আছে যে এসময়ত অৰ্থাৎ অষ্টম শতাব্দীত এই অঞ্চলটোলৈ বৌদ্ধ ধৰ্মগুৰু গুৰু পদ্মসম্ভৱ আছিল৷ সেই সময়ত ছিকিমৰ এই হ্ৰদৰ আশে-পাশে কিছু মানুহে বসতি স্থাপন কৰিছিল৷ সেই মানুহখিনিয়ে তেতিয়া পানীৰ অভাৱত কষ্ট পাইছিল৷ গুৰু পদ্মসম্ভৱে সেই কষ্ট লাঘৱ কৰিবলৈ হ্ৰদটোৰ এটা অংশ চাফা কৰি খুন্দাত হাত দিয়ে আৰু তেতিয়াৰে পৰা এই অংশটোত যিমানেই ঠাণ্ডা হওক ইয়াৰ পানী বৰফ নহয়৷ ইয়াত স্থানীয় লোকসকলে বাচি থাকিবলৈ গোটেই বছৰে পানী পাই আহিছে৷ এতিয়াও ছিকিমৰ কাঞ্চনজিয়াৰ পৰ্বতশাৰীৰ মাজত সোতৰ হাজাৰ এশ ফুট উচ্চতাৰ অৱস্থিত গুৰুডোংগমৰ এই হ্ৰদ চাবলৈ বহু পৰ্যটন এই ঠাইলৈ আহে৷ গোটেই অঞ্চলটো বৰফেৰে আগুৰি থকাৰ পাছতো হ্ৰদৰ এই অংশৰ পানী হৈ থকাটো এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here