কৃত্ৰিম নিউজ এংকৰ ! পৰিৱেশন কৰিব বাতৰি

0
192


আজিৰ যুগ বিজ্ঞান-প্ৰযুক্তিৰ যুগ৷ সমগ্ৰ বিশ্বতে এতিয়া বিজ্ঞানৰ ৰাজত্ব৷ এটা সময়ত কম্পিউটাৰ লৈ মানুহৰ কল্প কাহিনীৰ অন্ত নাছিল৷ কিন্তু এতিয়া যেন বাস্তৱ ৰূপ ল’বলৈ গৈ আছে৷ মানুহে কম্পিউটাৰ তথা কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে লাভ কৰা বিকাশে সেই দিন চমু চপাই আনিছে৷ ইয়াৰ এক অন্যতম প্ৰমাণ হ’ল চীনত অলপতে বিকাশ কৰা নিউজ এংকৰ৷ এই নিউজ এংকৰৰ বিকাশ কৰা হৈছে কম্পিউটাৰ তথা কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত৷ বহু ক্ষেত্ৰত এই নিউজ এংকৰ মানুহতকৈও উন্নত৷ চীনৰ চৰকাৰ নিয়ন্ত্ৰিত সংবাদ প্ৰতিষ্ঠান গ্ল’বেল নিউজে কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে পৰিচালিত হোৱা নিউজ এংকৰ ৰেন জিয়াওৰঙক কামত লগাইছে৷ এটা ভিডিঅ’ত ৰেনে নিজৰ পৰিচয় দাঙি ধৰে আৰু হাজাৰ হাজাৰ নিউজ এংকৰৰ পৰা দক্ষতা অৰ্জন কৰে৷ মানু্‌হে এটা বিশেষ এপ্লিকেশ্যনৰ সহায়ত নিউজ এংকৰৰ সৈতে শিক্ষা, চাকৰি, হাউছিং, পৰিৱেশ সংৰক্ষণৰ দৰে বিষয়ৰ প্ৰশ্নৰ উত্তৰ বিচাৰিব পাৰিব৷ অৱশ্যে ৰেনে চীনৰ কমিউনিষ্ট পাৰ্টিৰ আদৰ্শ অনুসৰিহে প্ৰশ্নৰ উত্তৰ দিব৷পৰিচয় দাঙি ধৰাৰ সময়ত ৰেনে নিজকে এটা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ডিজিটেল নিউজ এংকৰ বুলি উল্লেখ কৰি কেইদিনমানৰ আগতে পীপলছ ডেইলীত যোগ দিয়া বুলি কয়৷ ৰেনে অহৰ্নিশে ৩৬৫ দিন বাতৰি পৰিৱেশন কৰিব বুলিও জনায়৷ আচৰিত কথাটো হ’ল যে ৰেন দেখিবলৈ সাইলাখ মানুহৰ দৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here