শেহতীয়াভাৱে কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে হূদৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে৷ আনকি নিয়মিতভাৱে আসন, ব্যায়াম তথা অনুশীলন কৰা লোকেও হৃদৰোগত আক্ৰান্ত হোৱা দেখা গৈছে৷ সমীক্ষা মতে আমেৰিকাত প্ৰতি ছেকেণ্ডত এজনকৈ লোকৰ হাৰ্ট এটেক হয়৷ হাৰ্ট এটেকৰ সময়ত আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে হঠাতে কি হ’ল সেইটো ধৰিব নোৱৰাটো৷ সেইবাবে হাৰ্ট এটেক হোৱা লোকক সঠক সময়ত হস্পিটেললৈ নিব নোৱাৰিলে মৃত্যুক সাবটিবলগীয়া হয়৷ সেয়ে ইয়াৰ পৰা সকাহ পোৱাৰ উদ্দেশ্যে নতুন প্ৰযুক্তি কৌশল ব্যৱহাৰ কৰি আগতীয়াকৈ হাৰ্ট এটেকৰ কথা জানিব পৰা সঁজুলি উদ্ভাৱন কৰিছে৷ এই প্ৰণালীটোৰ সহায়ত হাৰ্ট এটেক হোৱাৰ কথা আগতেই জানিব পৰা যাব৷ ইয়াৰ ফলত হাজাৰ হাজাৰ লোকৰ প্ৰাণৰক্ষা পৰিব৷ এই প্ৰণালী বা সঁজুলিটোৰ বিকাশ সাধন কৰিছে আমেৰিকাৰ কাৰ্ডিঅ’লজিষ্ট জেমছ মিনে৷ তেওঁ ক্লীয়েৰলি নামৰ এটা ষ্টাৰ্টআপ আৰম্ভ কৰিছে৷ এই ষ্টাৰ্টআপে কৃত্ৰিম বুদ্ধিমত্তাক ভিত্তি কৰি এটা ইভালুৱেশ্যন ছিষ্টেম প্ৰস্তুত কৰে৷ এই প্ৰণালীটোৰ সহায়ত ধমনীত জমা হোৱা প্লেক জোখাৰ বাবে স্কেন কৰে৷ ধমনীত চৰ্বি, কলেষ্টৰেল আৰু আন পদাৰ্থ জমা হোৱাকে প্লেক বুলি কোৱা হয়৷ শেহতীয়াভাৱে কৰা অধ্যয়নটোৰ পৰা জানিব পৰা মতে এই প্ৰণালীটোৰ ৮৪ শতাংশ সঠিক ফল পোৱা গৈছে৷ ইয়াৰ পৰাই ভৱিষ্যতে হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা কিমান, সেইটো নিধাৰ্ৰণ কৰিব৷ আনহাতে এই প্ৰণালীটোৰ সহায়ত হৃদৰোগৰ প্ৰাথমিক লক্ষণসমূহৰ সম্পৰ্কতো তথ্য লাভ কৰিব পৰা যাব৷