উঁই পোকৰ পৰা কেনেদৰে পৰিত্ৰাণ পাব?

0
2244

উঁই পোক এবিধ সামাজিক পতংগ৷ উঁই পোক সাধাৰণতে মৃত উদ্ভিদৰ পচা অংশ, পচা কাঠ, মাটি বা বৰ্জনীয় আৱৰ্জনাৰ দ’ম আদিত বাস কৰে৷ এইবিধ পোকে কাঠৰ আচবাবৰ পৰা আৰম্ভ কৰি কিতাপ-পত্ৰ, কাপোৰ-কানি আদি নষ্ট কৰি পেলায়৷ সাধাৰণতে উঁই পোক নিৰ্মূলৰ বাবে কীটনাশক ঔষধ প্ৰয়োগ কৰা হয় যদিও ইয়াক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পৰা নাযায়৷ কাপোৰ-কানি, কিতাপ-পত্ৰৰ মাজত নেফথলিন ৰাখিব লাগে, নেফথলিনৰ উৎকট গোন্ধ উঁই পোকে সহ্য কৰিব নোৱাৰে, বা কপূৰ্ৰৰ সৈতে পেৰাফিন মিহলাই ঘৰৰ বেৰ বা আচবাবসমূহত লগাব লাগে৷ নিমপাত শুকুৱাই গুৰি কৰি কিতাপৰ ভিতৰত, মেজ, কাঠৰ আলমাৰী বা অন্যান্য আচবাবৰ চুকে-কোণে সিঁচৰিত কৰি দিব লাগে৷ কিতাপ-পত্ৰ, মেজ, আচবাব আদিৰ চুকে-কোণে ক’লা জিৰা ৰাখিলেও উঁই পোকৰ লগতে মকৰা, পোক পৰুৱা আদি পৰাও পৰিত্ৰাণ পাব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here