বিলুপ্তিপ্ৰায় প্ৰাণী বা পখীৰ কথা ওলালে প্ৰথমে ডোডো চৰাইৰ কথা উল্লেখ কৰা হয়৷ বিভিন্ন গল্প-কবিতা, উপন্যাসত এই আশ্চৰ্য চৰাইবিধে স্থান পায় আৰু ইয়াক লৈ আলোচনা কৰা হয়৷ ওজনে ১৫-২৩ কেজি, উচ্চতা এক মিটাৰ, পাখি থাকিও উৰিব নোৱৰা এই বিলুপ্তিপ্ৰায় চৰাইবিধ ১৫০৭ চনত এজন পৰ্তুগীজ নাৱিকে প্ৰথমে প্ৰত্যক্ষ কৰি চিকাৰ কৰিছিল৷ ইয়াৰ মাংস অতিকৈ সুস্বাদু হোৱাৰ বাবে মানুহে ইয়াক চিকাৰ কৰিবলৈ লয়৷ এইদৰে চিকাৰৰ বলি হৈ ১৭ শতকৰ মাজভাগত এই চৰাইবিধ সম্পূৰ্ণ নোহোৱা হৈ যায়৷ এতিয়া ডোডো পখী ইতিহাসৰ এক অধ্যায়৷ বিলুপ্তিৰ গৰ্ভত কোন কাহানিবাই হেৰাই যোৱা এই পক্ষীবিধ যেন পুনৰ দেখা পোৱা যায়, সম্প্ৰতি তাৰ প্ৰয়াস চলাইছে কলোছেল বায়’ছায়েন্স মাৰ এটা সংস্থাই৷ উক্ত সংস্থাটোৱে ডোডো পখী পৃথিৱীলৈ পুনৰ ঘূৰাই অনাৰ পৰিকল্পনা কৰিছে৷ উল্লেখ্য যে ভাৰত মহাসাগৰৰ দ্বীপপুুঞ্জবোৰৰ পৰা এই বিশাল আকৃতিৰ পখীটো ১৭ শতিকাৰ মাজভাগত অদৃশ্য হৈ পৰিছিল, যাৰ কাৰণ আছিল মানুহ নামৰ জীৱটো৷ প্ৰায় ৪০০ বছৰৰ আগেয়ে বিলুপ্ত হোৱা এই চৰাইটোৰ ডি এন এ গৱেষণাৰ মাধ্যমেৰে এই অসম্ভৱকো সম্ভৱ কৰাৰ কামত হাত দিছে গৱেষকে৷ গৱেষকৰ দলটোৱে ইতিমধ্যে জিন প্ৰযুক্তি ব্যৱহাৰ কৰি মেমোথ আৰু থাইছিন পুনৰ ঘূৰাই অনাৰ কাম আৰম্ভ কৰিছে৷ জেনেটিক ইঞ্জিনিয়াৰিঙক লৈ কাম কৰা আমেৰিকান কোম্পানী কলোছাল বায়’ছায়েন্সে এই প্ৰচেষ্টা চলাইছে৷ সম্প্ৰতি সংস্থাটোৱে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিছে৷ গৱেষকৰ দলটোৱে জনোৱা মতে ডোডো চৰাইৰ এই পুনৰ ঘূৰাই অনা প্ৰক্ৰিয়া ফলপ্ৰসূ হ’লে অনাগত দিনত ডাইনছ’ৰক লৈ প্ৰচেষ্টা চলোৱা হ’ব৷ যদিও এই মুহূৰ্তত এই চেষ্টা কিমানখিনি সফল হয় সেইটো নিৰ্ভৰ কৰিহে পাছলৈ পদক্ষেপ লোৱা হ’ব৷ পৃথিৱীৰ পৰা নোহোৱা হোৱা প্ৰাণীবোৰক ঘূৰাই আৰ চেষ্টা সক্ষম হয় নে নহয়, সেয়া এইমুহূৰ্তত নিশ্চিত নহয় যদিও ইয়াৰ চেষ্টা কিন্তু অব্যাহত থাকিব৷ উল্লেখ্য যে এই প্ৰকল্পটোৰ সমুদায় ব্যয় হৈছে ১৫ কোটি মাৰ্কিন ডলাৰ৷ এই গৱেষণা সফল হ’লে জীৱবিদ্যাৰ এক নতুন দিগন্তৰ সূচনা হ’ব বুলি বিজ্ঞানী মহলে মত ব্যক্ত কৰিছে৷