এখন ৰেস্তোৰাঁ, য’ত খাদ্য নষ্ট কৰিলেই জৰিমনা : ক’ত?

0
244


ইণ্ডোৰত এনেকুৱা এখন ৰেস্তোৰাঁ আছে, য’ত খাদ্য নষ্ট কৰিলে জৰিমনা ভৰিব লাগে৷ ৰেস্তোৰাঁখনৰ বিভিন্ন স্থানত জৰিমনাৰ পৰিমাণো লিখা আছে৷ এই ৰেস্তোৰাঁখনত মাত্ৰ ৬০ টকাত আপুনি পেট ভৰাই খাব পাৰিব৷ কিন্তু বহু লোকে নিজৰ ইচ্ছামতে খাদ্য খোৱাৰ সুযোগ গ্ৰহণ কৰি প্ৰয়োজনতকৈ অধিক খাদ্য লয় আৰু নষ্ট কৰে৷ সেয়েহে খাদ্য অবাবত নষ্ট নোহোৱাকৈ প্ৰতিৰোধ কৰিবৰ বাবে ৰেস্তোৰাঁখনত এই অভিনৱ পন্থা গ্ৰহণ কৰা হৈছে৷ কৰণাৱত নামৰ এই ৰেস্তোৰাঁখনত যদিহে খোৱাৰ পাতত আপুনি এগৰাহ খোৱা খাদ্য এৰি থৈ যায়, তেন্তে আপুনি ৫০ টকা জৰিমনা ভৰিব লাগিব৷ ৰেস্তোৰাঁখনৰ মালিক অৰবিন্দ কৰুণাৱতে কয় যে খাদ্য নষ্ট কৰাটো প্ৰতিৰোধ কৰাৰ বাবে তেওঁ এই পদক্ষেপ গ্ৰহণ কৰিছে৷ ইয়াৰ জৰিয়তে তেওঁ অবাবত খাদ্য নষ্ট নকৰিবলৈ এক বাৰ্তা প্ৰেৰণ কৰিবলৈ বিচাৰিছে৷ ৰেস্তোৰাঁখনৰ স্বত্বাধিৰাকী কৰুণাৱতৰ মতে কৃষকে কষ্ট কৰি শস্য উৎপাদন কৰে৷ একাংশ কৃষক তথা দৰিদ্ৰ লোকে দুবেলা দুমুঠি যোগাৰ কৰিব নোৱাৰে৷ ইয়াৰ বিপৰীতে একাংশ লোকে খাদ্য নষ্ট কৰে৷ সেয়েহে এইদৰে খাদ্য নষ্ট কৰটো ৰোধ কৰিব লাগে বুলিও তেওঁ কয়৷ তেওঁ লগতে উল্লেখ কৰে যে যি যিমান পৰিমাণ খাদ্য খায়, সিমান পৰিমাণহে ল’ব লাগে৷ আনহাতে ৰেস্তোৰাঁখনত থাকি যোৱা খাদ্য দৰিদ্ৰ লোকৰ মাজত বিতৰণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here