পৃথিৱীত সৃষ্টি হ’ব আৰুএখন নতুন মহাসাগৰ!

0
1414

আফ্ৰিকা মহাদেশ সম্পূৰ্ণ দুটা ভাগত বিভক্ত হৈ পৰিব আৰু তাৰ ফলত পৃথিৱীৰ এখন নতুন মহাসাগৰৰ উৎপত্তি হ’ব৷ জিঅ’ফিজিকেল ৰিছাৰ্চ লেটাৰ্ছ নামৰ বাৰ্তালোচনীখনত প্ৰকাশিত এখন গৱেষণা পত্ৰত এই কথা উল্লেখ কৰা হৈছে৷ গৱেষণা পত্ৰখনৰ মতে মহাদেশখনৰ ভূখণ্ড সম্পূৰ্ণ দুটা ভাগত বিভক্ত হৈ পৰিব আৰু দুয়োখন মহাদেশৰ মাজৰ অংশটোত এখন নতুন মহাসাগৰৰ সৃষ্টি হ’ব৷ বৰ্তমান এই প্ৰক্ৰিয়াটো আৰম্ভ হোৱা বুলিও কোৱা হৈছে৷ ভূবিজ্ঞানীসকলৰ মতে আফ্ৰিকা মহাদেশ ডাঙৰ ঘটনাৰ দিশে আগবঢ়া বুলি মত প্ৰকাশ কৰে৷ কেনিয়াৰ নাইৰোবি-নাৰোক ঘাইপথৰ কাষত কেইবা কিলোমিটাৰ দীঘল এক ফাটৰ সৃষ্টি হৈছে৷ ইয়াৰ আগতে ২০০৫ চনত ইথিঅ’পিয়াৰ অফাৰ অঞ্চলতো এনেধৰণৰ ফাটৰ সৃষ্টি হৈছিল৷ তেতিয়া মাত্ৰ দহ দিনৰ ভিতৰতে এই ফাটৰ দৈৰ্ঘ্য ৫৬ কিলোমিটাৰলৈ বৃদ্ধি পাইছিল৷ ভূবিজ্ঞানীৰ মতে ই আফ্ৰিকা মহাদেশ দুটা ভাগত বিভক্ত হোৱাৰ আৰম্ভণি৷ সাধাৰণতে এইধৰণৰ যিকোনো পৰিৱৰ্তনত যথেষ্ট সময়ৰ প্ৰয়োজন হয়৷ কিন্তু এতিয়া পৰিস্থিতিৰ শীঘ্ৰে সলনি হ’ব বুলি অনুমান কৰা হৈছে৷ ভূবিজ্ঞানীসকলৰ মতে ১৩.৮ কোটি বছৰৰ আগতে দক্ষিণ আমেৰিকা আৰু আফ্ৰিকা একেধৰণেৰে দুটা ভাগত বিভক্ত হৈ পৰিছিল৷ অৱশ্যে বৰ্তমান সময়ত আফ্ৰিকা মহাদেশ কেতিয়া বিভক্ত হৈ নতুন মহাসাগৰৰ সৃষ্টি কৰিব, সেইটো স্পষ্টকৈ ক’ব পৰা অৱস্থাত নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here