মানুহৰ শৰীৰৰ গঠন অতি জটিল৷ বিশ্বৰ মানুহৰ শৰীৰতকৈ জটিল শৰীৰ আন কোনো প্ৰাণীৰে নাই৷ আমাৰ শৰীৰৰ অভ্যন্তৰ কি ঘটি থাকে সেই কথা একোৱে নাজানো৷ মহাৰাষ্ট্ৰৰ নাগপুৰৰ এগৰাকী মহিলাৰ ক্ষেত্ৰত ঠিক তেনেকুৱা এটা ঘটনাই ঘটিল৷ ঘটনাৰ সবিশেষ মতে মহিলাগৰাকীৰ গৰ্ভত যে এটা শিশু আছে, সেই কথা তেওঁ ১৫ বছৰেই গম পোৱা নাছিল৷ হঠাতে তেওঁৰ সঘনাই ওকালি তথা পেটৰ বিষ অনুভৱ হোৱাৰ পাছত চিকিৎসকৰ কাষ চাপে৷ চিকিৎসকে মহিলাগৰাকীৰ অস্ত্ৰোপচাৰ কৰাৰ পাছত মহিলাগৰাকীয়ে এটা ‘ষ্ট’ন বেবী’, অৰ্থাৎ শিলা শিশুৰ জন্ম দিয়ে৷ জানিব পৰা মতে মহিলাগৰাকীয়ে যোৱা তিনি বছৰে সঘনাই ওকালি অহা পেটত বিষ হোৱা বুলি কৈ আহিছিল৷ চিকিৎসকেও প্ৰায়েই তেওঁক বিষ নিৰাময়ৰ ঔষধ আৰু গেছৰ সমস্যাৰ পৰা সকাহ পোৱাৰ বাবে ঔষধ দি আহিছিল৷ কিন্তু ইয়াৰ পৰা তেওঁ অকণো সকাহ পোৱা নাছিল৷ অৱশেষত মহিলাগৰাকীয়ে ব্যক্তিগত চিকিৎসালয়লৈ গৈ চিটি স্কেন কৰোৱায়৷ তেতিয়াহে প্ৰকৃত কথাটো পোহৰলৈ আহে৷ চিটি স্কেনৰ ৰিপ’ৰ্টত অন্ত্ৰত পাথৰৰ দৰে কিবা এটা দেখা পায়৷ মহিলাগৰাকীৰ পাছত লেপাৰ’স্কপি কৰাত জানিব পাৰিছে যে এয়া পাথৰ নহয়, চাৰিমহীয়া শিশুহে৷ তাৰ পাছতে অস্ত্ৰোপচাৰৰ দ্বাৰা মহিলাগৰাকীক ষ্টে’ন বেবী, অৰ্থাৎ শিলা শিশুটো বাহিৰলৈ আনে৷ চিকিৎসকে জনোৱা মতে এইটো এটা দুৰ্লভ ঘটনা৷ উল্লেখ্য যে মহিলাগৰাকীয়ে ১৫ বছৰ আগেতে গৰ্ভপাত কৰোৱাইছিল যদিও ভ্ৰূণ মহিলাগৰাকীৰ অন্ত্ৰত লাগি ধৰে৷ ইয়াৰ ফলতে ইমান বছৰৰ পাছতো মহিলাগৰীকীয়ে ষ্ট’ন বেবীৰ জন্ম দিয়ে৷ ষ্ট’ন বেবীক চিকিৎসকৰ ভাষাত লিথ’পেডিয়ান বুলি কোৱা হয়৷ বিগত ৪০০ বছৰত ষ্ট’ন বেবীৰ জন্ম হোৱাৰ মাত্ৰ ৩০০টা ঘটনা ঘটিছে৷ বৰ্তমান মাতৃগৰাকী সুস্থ আছে বুলি জনা গৈছে৷