স্নায়ু সুস্থ-সবল কৰি ৰাখিবলৈএইবোৰ খাদ্য নিয়মিতৰূপে খাওক

0
472


স্নায়ু শৰীৰৰ অন্ত্যন্ত গুৰুত্বপূৰ্ণ অংশ৷ মস্তিষ্কৰ বিভিন্ন সংকেত নাৰ্ভ বা স্নায়ুৰ জৰিয়তে শৰীৰৰ বিভিন্ন অংগলৈ সম্প্ৰসাৰিত হয়৷ এই স্নায়ুবোৰে বিদু্যতৰ তাঁৰ লেখীয়া কাম কৰে৷ আজিকালি স্নায়ু ৰোগত ভোগা লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে৷ হাত, ভৰি, কঁকাল, কান্ধ আদিৰ বিষ স্নায়ৱিক কাৰণত হ’ব পাৰে৷ ইয়াৰ বিভিন্ন কাৰণ থাকিব পাৰে৷ স্নায়ুৰ ৰোগ বা স্নায়ৱিক সমস্যা নিৰাময়ৰ বাবে ঔষধ খোৱা হয় যদিও কিছু ঘৰুৱা বিধান বা ঘৰুৱা খাদ্য খালে এইধৰণৰ সমস্যাৰ পৰা সকাহ পাব পাৰে৷ যিসকল লোক লাৰ্ভৰ সমস্যাত ভুগিছে, তেওঁলোকে নিদৰ খাদ্য তালিকাত কিছু খাদ্য অন্তৰ্ভুক্ত কৰিলে স্নায়ৱিক জটিলতা দূৰ হয়৷
স্নায়ুৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ হ’লে ভিটামিন-বি১২ অতি দৰকাৰ৷ এই ভিটামিন সকলো খাদ্যত পোৱা নাযায়৷ এই ক্ষেত্ৰত টুনা, চাৰ্ডিন, ছালমনৰ দৰে বিদেশী তথা সাগৰীয় মাছত ভিটামিন-বি১২ যথেষ্ট পৰিমাণে থাকে৷ ইয়াৰ উপৰি সামুদ্ৰিক মাছত ওমেগা৩ ফেটি এচিড পোৱা যায়, যিয়ে স্নায়ুৰ সকলো সমস্যাৰ বাবে প্ৰয়োজনীয়৷
মুৰ্গীৰ মাংস স্নায়ুৰ সুস্বাস্থ্যৰ বাবে অতি দৰকাৰী৷ মুৰ্গীৰ মাংসত ভিটামিন-বি৬ যথেষ্ট পৰিমাণে পোৱা যায়, যিয়ে ভিটামিন-বি১২ৰ শৰীৰে গ্ৰহণ কৰাত সহায় কৰে৷ আনহাতে মুৰ্গীৰ মাংসত পৰ্যাপ্ত পৰিমাণ প্ৰ’টিন থাকে, যাৰ ফলত পেশীৰ ক্ষমতা বৃদ্ধি তথা পেশী সবল হোৱাত সহায় কৰে৷ যিসকল লোক স্নায়ৱিক সমস্যাত ভুগিছে, মুৰ্গীৰ মাংস খালে সুফল লাভ কৰিব৷
স্নায়ু সুস্থ ৰাখিবলৈ ভিটামিন-বি১ৰ প্ৰয়োজন৷ এই ভিটামিনে দেহত ভিটামিন-বি৬ গ্ৰহণ কৰাত সহায় কৰে৷ যাৰ ফলত নাৰ্ভবোৰ সুস্থ হৈ নিজৰ কাম সুচাৰুৰূপে কৰিব পাৰে৷ বিনত যথেষ্ট পৰিমাণে ভিটামিন-বিৰ পোৱা যায়৷ ইয়াৰ উপৰি বিনত এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে বিভিন্ন শাৰীৰিক সমস্যা সমাধান কৰিব পাৰে৷ স্নায়ুৰ প্ৰদাহ কমোৱাত বিনে সহায় কৰে৷
ভিটামিন-বি২ স্নায়ুৰ বাবে প্ৰয়োজনীয় এবিধ উপাদান৷ ছয়াবিন, পালেংশাক আদিত প্ৰচুৰ মাত্ৰাত ভিটামিন-বি২ পোৱা যায়৷ আনহাতে এইবোৰ খাদ্যত প্ৰ’টিনৰ মাত্ৰাও অধিক পৰিমাণে থাকে বাবে স্নায়ু সুস্থ আৰু সবল কৰি ৰখাত সহায় কৰে৷
সেউজীয়া শাক-পাচলিত পটাচিয়াম, মেগনেচিয়াম যথেষ্ট পৰিমাণ থাকে৷ স্নায়ুৰ বাবে এই দুবিধ উপাদান অত্যন্ত জৰুৰী৷ সেউজীয়া শাক-পাচলিত থকা এণ্টিঅক্সিডেণ্টে নাৰ্ভৰ প্ৰদাহ কমোৱাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here