ৰহস্যৰে ভৰপূৰ মহাকাশত এটা নতুন ধূমকেতুৰ সন্ধান পোৱা গৈছে৷ জ্যোতিৰ্বিদসকলে এই কথা প্ৰকাশ কৰিছে৷ নতুনকৈ আৱিষ্কাৰ হোৱা এই ধূমকেতুটোক পৃথিৱীৰ পৰা অহা বছৰ দেখা পোৱাৰ সম্ভাৱনা আছে৷ মাইনৰ প্লেনেট চেণ্টাৰৰ মতে এই ধূমকেতুটোৰ নাম হ’ল চি ২০০৩/এ৩৷ অহা বছৰ আকাশত ইয়াক নক্ষত্ৰৰ দৰে দেখা যাব বুলি বিজ্ঞানীসকলে সদৰী কৰিছে৷ এই ধূমকেতুটো প্ৰথমবাৰৰ বাবে দেখা হৈছিল যোৱা ২২ ফেব্ৰুৱাৰীত দক্ষিণ আফ্ৰিকাত এষ্টেৰয়ড টেৰিষ্টিয়েল ইম্পেক্ট লাষ্ট এলাৰ্ট ছিষ্টেম দূৰবীণেৰে৷ চীনৰ পাৰ্পল মাউণ্টেন অবজাৰভেটৰিৰ জ্যোতিৰ্বিদসকলে যোৱা জ্ঝ জানুৱাৰীত স্বতন্ত্ৰভাৱে এই ধূমকেতুটোৰ আৱিষ্কাৰ কৰিছিল৷ বৰ্তমান ধূমকেতুটো শনি আৰু বৃহস্পতিৰ মাজত আছে৷ ধূমকেতুটোৱে প্ৰতি ঘণ্টাত ২,৯০ ৬৬৪ কিলোমিটাৰ বেগত সৌৰজগতত যাত্ৰা কৰি আছে৷ অহা বছৰ ২৩ অক্টোবৰত ধূমকেতুটোৱে পৃথিৱীৰ একেবাৰে কাষ চপাৰ সম্ভাৱনা আছে৷ জ্যোতিৰ্বিদসকলে অনুমান কৰা মতে এই ধূমকেতুটোৱে প্ৰতি ৮০৬৬০ বছৰত সূৰ্যক এবাৰ প্ৰদক্ষিণ কৰে৷ বিজ্ঞানীসকলৰ মতে যদি ধূমকেতুটো পৃথিৱীৰ কাষেপে পাৰ হয় তেতিয়া আকাশত উজ্জ্বল নক্ষত্ৰৰ দৰে দেখা পাব পাৰে৷ অৱশ্যে এই ধূমকেতুটোৰ বিষয়ে জানিবলৈ এতিয়াও বহুখিনি বাকী আছে৷ সময়তহে ইয়াৰ বিষয়ে সঠিককৈ জানিব পৰা হ’ব৷