আমেৰিকাৰ মহাকাশ সংস্থা নাছাই অলপতে এইবুলি দাবী কৰিছিল যে চীনৰ জুৰোং ৰভাৰ যোৱা আঠ মাহে মঙলপৃষ্ঠৰ উপৰিভাগত একেখিনি ঠাইতে ৰৈ আছে৷ শেহতীয়াকৈ এই ৰৈ থকা যানখনেই মঙল গ্ৰহৰ সম্পৰ্কত নতুন তথ্য দিছে৷ উল্লেখ্য যে চীনে এই অভিযানত এখন ৰভাৰ, এখন আৰ্বিটাৰ আৰু এখন লেণ্ডাৰ প্ৰেৰণ কৰিছিল৷ শেহতীয়া এক প্ৰতিবেদনত প্ৰকাশ পোৱা মতে মঙলৰ পৃষ্ঠভাগৰ তলত এটা নতুন স্তৰ আছে৷ জুৰোঙৰ ভূ-অন্তৰ্ভেদী ৰাডাৰ সঁজুলিয়ে গ্ৰহটোৰ পৃষ্ঠভাগৰ তলত থকা গাঁতৰ ছবি প্ৰেৰণ কৰিছে৷ ইয়াৰ ফলত গ্ৰহটোৰ পৃষ্ঠভাগৰ সম্পৰ্কে নতুন তথ্য লাভ কৰা হৈছে৷ জানিব পৰা মতে মঙলৰ পৃষ্ঠভাগ জোনবাইৰ পৃষ্ঠৰ দৰে তৰাং নহয়৷ জোনবাইৰ পৃষ্ঠত দহ মিটাৰ পাতল এক তৰপ থাকে৷ ইয়াৰ ফলত সৰু সৰু উল্কাপাতৰ চিনো দেখা পোৱা যায়৷ কিন্তু মঙলৰ পৃষ্ঠভাগ তেনেধৰণৰ নহয়৷ আমেৰিকাৰ জিঅ’লজিকেল ছ’চাইটিৰ গৱেষণাত অলপতে প্ৰকাশ পোৱা গৱেষণা পত্ৰত উল্লেখ কৰা অনুসৰি মঙল গ্ৰহ আৰু চন্দ্ৰপৃষ্ঠৰ মাজত থকা পাৰ্থক্যৰ কাৰণ হ’ল ৰঙা গ্ৰহটোৰ পাতল বায়ুমণ্ডল৷ মঙলৰ এই পাতল বায়ুমণ্ডলে ইয়াৰ পৃষ্ঠক সৰু সৰু উল্কাপাতৰ পৰা ৰক্ষা কৰি আহিছে৷ আনহাতে গৱেষকসকলে জুৰোং ৰভাৰে অৱতৰণ কৰা অঞ্চলত কেইবাটাও টিলা বা দ খাৱৈ দেখা পায়৷ জুৰোঙে মঙলৰ ইউটোপিয়া প্লেনেছিয়াত অৱতৰণ কৰিছিল৷ সম্ভৱতঃ এই অঞ্চলটোত এসময়ত এখন সাগৰ আছিল৷ বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি জুৰোঙে দিয়া এই নতুন তথ্যই গ্ৰহটোৰ পৃষ্ঠ আৰু ভূগৰ্ভৰ বিকাশৰ লগতে ইয়াৰ জলবায়ু, পানী তথা বৰফৰ উপস্থিতিৰ সন্দৰ্ভত এক নতুন তথ্যৰ সন্ধান দিব৷