এইবোৰ প্ৰাকৃতিক উপায়েৰে নিয়ন্ত্ৰণকৰিব পাৰে ইউৰিক এচিডৰ সমস্যা

0
230


খাদ্যাভ্যাসৰ পৰিৱৰ্তনৰ কাৰণে শৰীৰত ইউৰিক এচিডৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ খাদ্যৰ জৰিয়তে উৎপন্ন হোৱা ইউৰিক এচিড তেডত মিহলি হৈ কিডনীলৈ পঠিয়াই দিয়ে৷ কিডনীয়ে এই দূষিত পদাৰ্থবোৰ প্ৰস্ৰাৱৰ মাধ্যমেৰে শৰীৰৰ বাহিৰলৈ উলিয়াই দিয়ে৷ শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বাঢ়ি গ’লে কিডনীৰ পক্ষে এই অতিৰিক্ত এচিড বাহিৰ কৰা সম্ভৱ নহয়৷ যাৰ ফলত এই অতিৰিক্ত ইউৰিক এচিড শৰীৰৰ বিভিন্ন অংগত জমা হ’বলৈ ধৰে৷ তেতিয়া শৰীৰৰ বিভিন্ন যন্ত্ৰণা হ’বলৈ আৰম্ভ কৰে৷ মূলতঃ অনিয়ন্ত্ৰিত খাদ্যাভ্যাসেই ইয়াৰ বাবে দায়ী৷ জানি আচৰিত হ’ব যে জীৱন যাত্ৰা তথা খাদ্যাভ্যাসলৈ পৰিৱৰ্তন আনিলেই ইউৰিক এচিড নিৰ্মূল কৰাটো সম্ভৱ৷ ইউৰিক এচিড নিয়ন্ত্ৰণৰ বাবে কেইটামান সহজ উপায়ৰ বিষয়ে জানো আহক৷
আমিষ খাদ্যৰ পৰা দূৰত্ব বজাই ৰাখি ইউৰিক এচিডৰ নিয়ন্ত্ৰণ কৰিব পাৰে৷ ৰেড মিট, মুৰ্গীৰ মাংস আদিত পিউৰিনৰ পৰিমাণ বেছি থাকে৷ যি কাৰণত দেহত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পায়৷ এইধৰণৰ খাদ্যৰ পৰা দূৰত্ব বজাই ৰাখিলে আপুনি এই সমস্যাৰ পৰা অনেকাংশে মুক্তি পাব পাৰে৷
বৰ্তমান যুগত অধিকাংশ লোকেই আৰামপ্ৰিয় হৈছে, কষ্ট কৰিবলৈ টান পায়, ঘণ্টাৰ পাছত ঘণ্টা ধৰি একে ঠাইতে বহি থাকে৷ শাৰীৰিক পৰিশ্ৰম অবিহনেই জীৱন যাপন কৰে৷ এইদৰে অকামিলা স্বভাৱৰ কাৰণে শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি হয়৷ প্ৰতিদিনে অন্ততঃ ৩০ মিনিট শাৰীৰিক পৰিশ্ৰম বা ব্যায়াম কৰিলে ইউৰিক এচিড নিয়ন্ত্ৰণ কৰাত সহায় কৰে৷
এজন ব্যক্তিয়ে ইউৰিক এচিডৰ সমস্যাত ভুগিলে অধিক পৰিমাণে পানী সেৱন কৰিব লাগে৷ কাৰণ পানীয়ে শৰীৰৰ পৰা ইউৰিক এচিড বাহিৰ কৰাত সহায় কৰে৷ দিনটোত কমেও দুই তিনি লিটাৰ পানী খোৱাটো জৰুৰী৷
এলকহ’ল, কফি বা চেনিযুক্ত পানী বা চাহ সেৱন কৰিলে শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বাঢ়ি যায়৷ সেয়ে ইউৰিক এচিড নিয়ন্ত্ৰণত ৰাখিবলৈ এইবোৰ খোৱা বাদ দিলে সুফল পাব৷
ইউৰিক এচিডৰ সমস্যা দূৰ কৰিবলৈ প্ৰচুৰ পৰিমাণে ভিটামিন-চিসমৃদ্ধ খাদ্য যেনে– কমলা, নেমু, ব্ৰকলি বা ফাক-পাচলি প্ৰচুৰ পৰিমাণে খাব লাগে৷
আনহাতে পালেংশাক, বিলাহী আদি খাদ্য তালিকাৰ পৰা বাদ দিয়ক৷ ভিটামিন আৰু খনিজ পদাৰ্থৰ্ৰে ভৰপূৰ এইবোৰত খাদ্য এণ্টিঅক্সিডেণ্ট আৰু ডায়েটৰি ফাইবাৰেৰে সমৃদ্ধ৷ এইবোৰ খাদ্য বেছি পৰিমাণে খালে তেজত ইউৰিক এচিডৰ মাত্ৰা বাঢ়ি যাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here