দেশৰ ভিতৰত কল উৎপাদনত অসমৰ স্থান কিমান জানেনে ?

0
1284


কল আমাৰ সকলোৰে প্ৰিয় এবিধ ফল৷ আমাৰ ৰাজ্য অসমত প্ৰতি ঘৰ মানুহৰে বাৰীত এজোপা হ’লেও কলগছ থকাটো এটা নিয়মৰ দৰে৷ সুখবৰ খবৰ যে বিগত কেইবছৰ ধৰি ৰাজ্যত কলৰ উৎপাদন বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ বিশেষকৈ ভীমকল, চেনিচম্পা, মালভোগ, জাহাজী আদি কল প্ৰজাতিৰ উৎপাদন যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে৷ বিগত বিত্তীয় বৰ্ষত অসমত ১১০৮ হাজাৰ টনলৈ উৎপাদন বৃদ্ধি হোৱা বুলি জানিব পৰা গৈছে৷ ২০২০-২১ বৰ্ষত অসমত কলৰ উৎপাদনৰ পৰিমাণ আছিল ৯১০ হাজাৰ টন৷ আনহাতে ৰাষ্ট্ৰীয় উদ্যান শস্য পৰিষদে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আঁচনিৰ অধীনত এনেদৰে উৎপাদনৰ পৰিমাণ বৃদ্ধি পোৱা বুলি সদৰী কৰিছে৷ মন কৰিবলগীয়া কথা যে অন্ধ্ৰ প্ৰদেশে ৫৩৩৮ হাজাৰ টন কল উৎপাদন কৰি দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে৷ আনহাতে ৪৬২৮ হাজাৰ টন কল উৎপাদন কৰি মহাৰাষ্ট্ৰই দ্বিতীয় স্থান আৰু ৩৯০৭ হাজাৰ টন কল উৎপাদন কৰি অসমে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here