গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰত উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমটো তথা সৰ্ববৃহৎ জৈৱ গেছ প্ৰকল্প নিৰ্মাণৰ আধাৰশিলা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্বশৰ্মাই স্থাপন কৰে৷ অইল ইণ্ডিয়া লিমিটেড আৰু ৰেডলেমনৰ উদ্যোগত এই জৈৱ গেছ প্ৰকল্পটোৰ নিৰ্মাণ অহা নৱেম্বৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ সোণাপুৰৰ দমৰা পথাৰ আধাৰশিলা স্থাপন কৰা এই অত্যাধুনিক প্ৰকল্পটোৱে মুঠ দহ বিঘা মাটি সামৰি ল’ব৷ এই প্ৰকল্পটোৰ মুঠ ব্যয় হ’ব প্ৰায় ২৫ কোটি টকা৷ এই প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই প্ৰকল্পটোৱে গ্ৰাম্য অঞ্চলৰ গো পালকসকলক যথেষ্ট উপকৃত কৰিব৷ প্ৰকল্পটোৱে গো পালক তথা দুগ্ধ উৎপাদনৰ সৈতে জড়িত লোকসকলৰ বাবে নতুন সম্ভাৱনা কঢ়িয়াই অনাৰ লগতে লাভান্বিত কৰিব বুলি আশা ব্যক্ত কৰে৷ তেওঁ কয় যে জৈৱ গেছ প্ৰকল্পৰ বাবে যথেষ্ট গোবৰৰ প্ৰয়োজন হোৱালৈ লক্ষ্য কৰি গো পালকসকলে আৰু অধিক গৰু পালন কৰা উচিত৷ আনহাতে যান-বাহনত পেট্ৰল, ডিজেলৰ পৰিৱৰ্তে এনেধৰণৰ প্ৰকল্পৰ পৰা উৎপাদিত গেছ ব্যৱহাৰ কৰি ৰাজ্যৰ পৰিবহণ ব্যৱস্থাটোক শক্তিশালী কৰি গঢ়ি তুলিব পাৰি বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে৷ বিশ্বশৰ্মাই আৰু কয় যে জৈৱ গেছ প্ৰকল্পৰ পৰা উৎপাদন কৰা গেছে সেউজ ইন্ধনত অৰিহণা যোগাব আৰু সেউজ ইন্ধনে প্ৰকৃতিৰ ওপৰতো ইতিবাচক প্ৰভাৱ পেলাব৷ কম ব্যয় সম্পন্ন জৈৱ গেছৰ প্ৰতি অধিক আগ্ৰহী হ’বলৈও তেওঁ ৰাইজক আহবান জনায়৷