পৰুৱাই দিব কেঞ্চাৰৰ তথ্য ! সদৰী কৰিলে বিজ্ঞানীয়ে

0
237

কেঞ্চাৰৰ বাবে বিশ্বত প্ৰতিবছৰে কেইবালাখ লোকে অকালতে মৃত্যুক সাবটি ল’বলগীয়া হয়৷ আনহাতে কেঞ্চাৰৰ চিকিৎসাও ব্যয়বহুল হোৱা বাবে বহুতে চিকিৎসা অবিহনে যন্ত্ৰণাকাতৰ জীৱন কটাবলগীয়া পৰিস্থিতিৰ সন্মুখীন হয়৷ সুখবৰ যে এতিয়া বিজ্ঞানীসকলে এইবুুলি প্ৰকাশ কৰিছে যে পৰুৱাৰ সহায়তো কেঞ্চাৰ ৰোগীক চিনাক্ত কৰিব পৰা যাব৷ বিজ্ঞানীসকলে কৰা এটা অধ্যয়নত এই কথা প্ৰকাশ পাইছে৷ জানিব পৰা মতে পৰুৱাই প্ৰস্ৰাৱ বা ঘামৰ গোন্ধ পাই কেঞ্চাৰ বা টিউমাৰ আছে নে নাই সেইটো নিশ্চিত কৰিব পৰা যাব৷ গৱেষণাৰ পৰা জনা মতে পৰুৱাৰ নাক নাই যদিও এই অতিকায় ক্ষুদ্ৰ প্ৰাণীবিধৰ ঘ্ৰাণশক্তি আছে৷ এই অধ্যয়নটো কৰা হৈছিল ইউৰোপ আৰু দক্ষিণ এছিয়াত পোৱা ফৰ্মিকা ফিউস্কা নামৰ পৰুৱাৰ প্ৰজাতিটোক লৈ৷ অধ্যয়নটো চলোৱাৰ সময়ত এন্দুৰৰ গাত মানুহৰ স্তন কেঞ্চাৰৰ টিউমাৰ সংৰোপণ কৰিছিল৷ ইয়াৰ পাছত তেওঁলোকে টিউমাৰ সংৰোপণ কৰা এন্দুৰ আৰু টিউমাৰ সংৰোপণ নকৰা এন্দুৰৰ প্ৰস্ৰাৱৰ নমুনা সংগ্ৰহ কৰে৷ ইয়াৰ পাছতে এই নমুনা দুবিধৰ গোন্ধৰ বিষয়ে জনাৰ বাবে উক্ত প্ৰজাতিৰ পৰুৱাৰ সহায় লয়৷ তেওঁলোকে দেখা পালে যে স্বাস্থ্যৱান এন্দুৰৰ ওচৰত নহৈ কেঞ্চাৰত আক্ৰান্ত এন্দুৰৰ আশে-পাশে অধিক পৰুৱা ঘূৰি ফুৰিছে৷ ফ্ৰান্সৰ ছৰবন পেৰিছ নৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক পেট্ৰিজিয়া ডি এটৰে কয় যে পৰুৱাক বায়’ ডিটেক্টৰৰূপে ব্যৱহাৰ কৰিব পৰা যায়৷ যাতে স্বাস্থ্যৱান ব্যক্তিক কেঞ্চাৰৰ বাবে টিউমাৰ হোৱা ব্যক্তিৰ পৰা পৃথক কৰিব পৰা যায়৷ এই গৱেষণাৰ প্ৰতিবেদন এখন বাৰ্তালোচনীত প্ৰকাশ পাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here