প্ৰদূষিত বায়ুৱে মানসিক চাপৰ সৃষ্টি কৰে : কি কয় গৱেষকে

0
783


বায়ু প্ৰদূষণে কেৱল মানুহৰ হাঁওফাঁওতে ক্ষতি নকৰে৷ ই মগজুৰে বিস্তৰ ক্ষতিসাধন কৰে৷ শেহতীয়াভাৱে জাৰ্নেল অব্‌ দ্য আমেৰিকান মেডিকেল এছ’চিয়েশ্যনত প্ৰকাশ পোৱা এটা অধ্যয়নৰ প্ৰতিবেদনত এই কথা পোহৰলৈ আহিছে৷ প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি দীঘলীয়া সময়ৰ বাবে বিষাক্ত বায়ু সেৱন কৰিলে মানুহে মানসিক চাপত ভুগিব পাৰে৷ অৰ্থাৎ এই কথাই স্পষ্ট যে বায়ু প্ৰদূষণে মানুহৰ মানসিক চাপ বৃদ্ধিত অৰিহণা যোগায়৷ অধ্যয়নটোত প্ৰকাশ পোৱা অনুসৰি দীৰ্ঘসময় প্ৰদূষিত পৰিৱেশত থকাৰ পাছত মানুহৰ শৰীৰত মানসিক চাপৰ লক্ষণবোৰ দেখিবলৈ পোৱা যায়৷ এই লক্ষণবোৰ দেখা পোৱা অধিকাংশ লোক বৃদ্ধ৷ আনহাতে দূষিত বায়ুত থকা ক্ষুদ্ৰ কণাই কম পৰিমাণে মানসিক চাপত ভোগাব পাৰে আৰু ইয়াৰ লগতে উদ্বিগ্নতাৰো সৃষ্টি কৰে৷ এই অধ্যয়নটো ৬৪ বছৰতকৈ অধিক বয়সৰ লোকক লৈ কৰা হৈিছল৷ গৱেষকসকলে প্ৰকাশ কৰা অনুসৰি ২০০৫-২০১৬ সময়ছোৱাত ৯০ লাখৰ ভিতৰত ১৫.২ লাখ বৃদ্ধ লোকৰ মানসিক চাপত ভোগাৰ লক্ষণ দেখা পোৱা গৈছিল৷ তেওঁলোকে অধিক সময় বিষাক্ত বায়ুত থকাৰ বাবেই এই অৱস্থাৰ সৃষ্টি হৈছিল৷ আনহাতে যিবিলাক দূষিত কণাৰ বাবে মানসিক চাপৰ সৃষ্টি হয়, সেইবিলাকৰ ভিতৰত যান-বাহনৰ পৰা হোৱা প্ৰদূষণ, ধূলি, ধোঁৱা, নাইট্ৰজেন ডাই অক্সাইড, কল-কাৰখানাৰ পৰা হোৱা প্ৰদূষণ আদিয়েই প্ৰধান৷ গৱেষকৰ মতে বায়ু প্ৰদূষণৰ প্ৰভাৱ এতিয়া যুৱ প্ৰজন্মৰ মাজতো পৰিছে৷ তেওঁলোকৰ স্মৃতিশক্তি হ্ৰাস পাইছে, শাৰীৰিক বিকাৰত ভোগাৰ লগতে মৃত্যুপৰ্যন্ত হোৱাও দেখা গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here