সৰু অৱস্থাত শিশুসকলে ডাঙৰক অনুসৰণ কৰে৷ ভাল-বেয়া, উচিত-অনুচিত আদি কি শিশুকালৰ একো নাজানে৷ ডাঙৰে যিটোকে কৰে সেইমতে কৰিবলৈ আগ্ৰহ কৰে৷ কোনেটো অভ্যাস ভাল বা বেয়া তাৰ বিচাৰ তেওঁলোকে কৰিব নোৱাৰে৷ কেতিয়াবা কিছুমান বদঅভ্যাসে শিশুসকলৰ মাজত এইদৰে গঢ় লয় যে তাৰ ফলত শিশুটিৰ অনিষ্ট হ’বলৈ ধৰে৷ তাৰ ভিতৰত অনৱৰতে নাক খজুৱাই থকা অভ্যাসটো৷ আচলতে ডাঙৰে এই কামটো কৰি থাকিলে সিঁহতিও হুবহু কৰিবলৈ ধৰে৷ বাৰে বাৰে মানা কৰিলেও এই অভ্যাস এৰাব নোৱাৰে৷ এই অভ্যাস এৰুৱাবলৈ হ’লে আপুনি কি কৰিব জানো আহক৷
যেতিয়াই শিশুৱে নাক খজুৱাবলৈ আৰম্ভ কৰে, তেতিয়াই ভালদৰে হাত দুখন ধুই দিয়ক৷ যিমানবাৰে নাক খজুৱায়, সিমানবাৰেই হাত দুখন ধুই দিব৷ এইদৰে বাৰে বাবে হাত ধুব লগা হোৱাৰ বাবে নাক খজুওৱাৰ অভ্যাস লাহে লাহে নোহোৱা হ’ব৷
আনহাতে নাক সঘনাই খজুৱাই থাকিলে সন্তানৰ হাতত এখন ৰুমাল দিবলৈ নাপাহৰিব৷ ৰুমালেৰে নাক খজুৱালে সংক্ৰমণৰ আশংকা কমি থাকে৷
বিশেষজ্ঞই কোৱা মতে শিশুসকলে বিভিন্ন সময়ত একঘেয়ামী কথাত নাক হাত দিয়ে অৰ্থাৎ নাক খজুৱায়৷ একান্তমনে টিভি চোৱাৰ সময়ত, একাগ্ৰতাৰে কোনো বস্তু চাই থকা আদি নাকত হাত থয়৷ শিশুসকলক এই সময়ত হাতত পেঞ্চিল, কলম দি লিখাৰ অভ্যাস কৰা, বা আঁকিবলৈ দিয়ে মনটো অন্যফালে ঢাল খাব৷ অন্য কাম ব্যস্ত কৰালে এই অভ্যাস নোহোৱা হ’ব৷
নাক খজুৱালে কি কি সমস্যা হ’ব পাৰে, শিশুক সেইটো বুজাবলৈ চেষ্টা কৰক৷ যদি আপোনাৰ সন্তানে বুজালেও নুবুজে, তেন্তে আপোনাৰ সন্তানক কোনো নিৰ্দিষ্ট সময় বান্ধি দি নাক নখজুৱাবলৈ কওক৷ ইয়াৰ বিনিময়ত পচন্দ অনুযায়ী চকলেট, বিস্কুট, কে’ক আদি পুৰস্কাৰ হিচাপে প্ৰদান কৰক৷
শিশুৰ নাক খজুওৱাৰ আঁৰত বিশেষ কোনো কাৰণ নাই৷ বিশেষজ্ঞই জনোৱা মতে শিশুৰ মানসিক চাপৰ কাৰণে ৰাইনোটিলেক্সোমেনিয়াই দেখা দিব পাৰে৷ যাৰ ফলত নাক খজুওৱাৰ পৰিমাণ অত্যধিক বাঢ়ি যায়৷ সাম্প্ৰতিক গৱেষণাই প্ৰকাশ পোৱা মতে বেছিকৈ নাক খজুওৱাৰ ফলত বয়স বঢ়াৰ লগে লগে স্মৃতিভ্ৰমৰ সমস্যাই দেখা দিব পাৰে৷ গতিকে আপোনাৰ শিশুটিৰ যদি অত্যধিক মাত্ৰাত এই সমস্যা আছে এজন চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি আৱশ্যক৷