বহি থাকিলে ভৰি লৰাই থাকে নেকি?ই কোনো ৰোগৰ লক্ষণো হ’ব পাৰে

0
277


এনে বহুতো মানুহ আছে, যিয়ে নেকি ক’ৰবাত বহি থাকিলে বা আৰামত জিৰণি ল’লেই ভৰি দুখন ক’ব নোৱৰাকৈয়ে লৰাই থাকে৷ কোনো অভ্যাগতৰ সন্মুখত বহি, ৰাজহুৱা অনুষ্ঠান, বিবাহ অনুষ্ঠান যিকোনো ঠাইতে বহিয়েই আপোনা আপুনি ভৰি লৰাইহে সুখ অনুভৱ কৰে৷ এইদৰে মানুহৰ আগত ভৰি নচুৱাই বহি থাকিলে আনে আপোনাৰ শিষ্টাচাৰৰ বিচাৰ কৰিবলৈ লাগিব৷ আনহাতে বহি থাকোতে ভৰি লৰাই থকাটো সাধাৰণ যেন লাগিলেও কিন্তু ই আপোনাৰ কোনো ৰোগৰ লক্ষণো হোৱাৰ সম্ভাৱনাই বেছি৷ ইয়াৰ এটা কাৰণ হ’ব পাৰে ৰেষ্টলেছ লেগছ চিণ্ড্ৰম৷ যিটো দহ শতাংশ মানুহৰ ক্ষেত্ৰতে হ’ব পাৰে৷ এনেকৈ অজানিতে ভৰি লৰাই থকাটো এটা স্নায়ৱিক সমস্যা ধৰা হয়৷ পুৰুষ বা মহিলা উভয়ৰে এই সমস্যা থাকিব পাৰে৷ এনে অৱস্থাত এজন ব্যক্তিৰ শুই বা বহি থকাৰ সময়ত বিষ অনুভৱ কৰে আৰু দেখিবলৈ আৰাম কৰাৰ দৰে লাগিলেও দৰাচলতে এই বিষৰ পৰা উপশম পাবলৈহে ভৰি দুখন লৰাই থাকে৷ এইধৰণৰ অস্বস্তিকৰ সমস্যা বাৰে বাৰে হ’লে ইয়াক ৰেষ্টলেছ লেগছ চিণ্ড্ৰম বুলি কোৱা হয়৷ সাধাৰণতে শৰীৰত আইৰনৰ অভাৱ হ’লে এনে সমস্যাই দেখা দিব পাৰে৷ যদিও এই ৰোগৰ সঠিক কাৰণ জনাটো কঠিন, তথাপি কেতিয়াবা ই বংশগত হ’বও পাৰে৷ এই ৰোগ নিৰাময়ৰ বাবে ফিজিঅ’থেৰাপি চিকিৎসা পদ্ধতি গ্ৰহণ কৰিলে সুফল পাব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here