বিশ্বৰ আটাইতকৈ বেছি ঠাণ্ডাঠাইখনৰ উষ্ণতা শুনিলে হতবাক হ’ব

0
262


শীতকাল আমাৰ দেশৰ বাবে যেন ক্ষণিকৰ অতিথি৷ শীতকাল আহিল মানে যাবৰে হ’ল৷ শীতকালৰ ঠাণ্ডাৰ অনুভূতি ঠাইভেদে ভিন্ন৷ ভাৰতবৰ্ষৰ কাশ্মীৰৰ বিভিন্ন অঞ্চলত শীতকালত পাৰাস্তম্ভ মাইনাছৰ তললৈ যায়৷ পাৰাস্তম্ভ মাইনাছ ৩০-৩২ ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পায় এই অঞ্চলবোৰত৷ ছাইবেৰিয়াৰ এনে বহু জনবসতি অঞ্চল আছে, যি ঠাইৰ মানুহে মাইনাছ ৬০ ডিগ্ৰী চেলচিয়াছতো নিজৰ কৰ্ম সম্পাদন কৰিবলগীয়া হয়৷ যি ঠাইৰ শীতৰ প্ৰকোপৰ কথা জানিলে বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহৰ চকু কপালত উঠে আৰু আতংকিত হৈ উঠে৷ তেওঁলোকে প্ৰশ্ন কৰিবলৈ বাধ্য হয় যে ইমান প্ৰচণ্ড ঠাণ্ডাত তাৰ বাসিন্দাই কেনেকৈ জীৱন নিৰ্বাহ কৰে৷ আনহাতে এণ্টাৰ্কটিকাত ২০০৪ ৰপৰা ২০১৬ চনপৰ্যন্ত যি গৱেষণা চলিছিল, তাত সেই সময়ত পাৰাস্তম্ভ মাইনাছ ১৪৪ ডিগ্ৰী চেলচিয়াছৰ ৰেকৰ্ড হৈছিল৷ যি ঠাণ্ডা সম্পৰ্কে কোনো ধাৰণাই কৰা সম্ভৱ নহয়৷ কাৰণ ধাৰণা কৰাৰো কোনো উপায় নাই৷ কিয়নো মাইনাছ ১৪৪ ডিগ্ৰী চেলচিয়াছত কোনো মানুহে উশাহ-নিশাহ লয়, তেতিয়া হঁাওফাঁও মুহূৰ্ততে বিকল হৈ পৰিব৷ এনে উষ্ণতাত জীৱৰ মুত্যু অৱশ্যম্ভাৱী৷ অৱশ্যে গৱেষণাৰ সময়ত গৱেষকৰ দলটোৰ ইয়াৰ পৰা বাচিবলৈ যাৱতীয় সুৰক্ষা কৱচ লগত ৰাখিছিল৷ যাৰ ফলত এই পাৰাস্তম্ভৰ মান নিৰূপণ কৰিব পাৰিছিল গৱেষকে৷ এইপৰ্যন্ত বিশ্বৰ সৰ্বনিম্ন ঠাণ্ডাৰ ৰেকৰ্ড আছে এই এণ্টাৰ্কটিকাত, য’ত মাইনাছ ১৪৪ ডিগ্ৰী চেলচিয়াছলৈ নামিছিল৷ সেয়ে সহজে অনুমেয় যে এই অঞ্চল জীৱৰ বাসোপযোগী হয় নে নহয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here