অচিৰেই ভেকচিন আপোনাৰ হাতত– কেনেকৈ?

0
1603

ভাৰতে অচিৰেই কৰ’না ভাইৰাছৰ ভেকচিন লাভ কৰাৰ সম্ভাৱনা আছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰ’না ভাইৰাছৰ প্ৰসংগত অনুষ্ঠিত এখন সৰ্বদলীয় বৈঠকত এই কথা প্ৰকাশ কৰে৷ মোডীয়ে কয় যে বিশেষজ্ঞসকলে এইবুলি আস্থা প্ৰকাশ কৰিছে যে কভিড-১৯ ৰ ভেকচিনৰ বাবে বৰ বেছিদিন অপেক্ষা কৰিব নালাগিব আৰু ই অহা কেইসপ্তাহমানৰ ভিতৰত সাজু হৈ উঠিব৷ বিজ্ঞানীসকলে সেউজ সংকেত দিলেই কৰ’না ভাইৰাছৰ ভেকচিনৰ টিকাকৰণ আৰম্ভ হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে লগতে ঘোষণা কৰে৷ সৰ্বদলীয় বৈঠকত মোডীয়ে লগতে উল্লেখ কৰে যে কভিড-১৯ ৰোগীক চিকিৎসা কৰি থকা স্বাস্থ্যকৰ্মী, আৰক্ষী, পৌৰকৰ্মীকে ধৰি কৰ’না যোদ্ধা আৰু গুৰুতৰভাৱে অসুস্থ বৃদ্ধ লোকসকলক অগ্ৰাধিকাৰ ভিত্তিত টিকাকৰণ কৰা হ’ব৷ কৰ’নাৰ ভেকচিনৰ দামৰ প্ৰসংগত মোডীয়ে কয় যে এই বিষয়ত জনস্বাস্থ্যক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হ’ব আৰু ৰাজ্যসমূহক সম্পূৰ্ণৰূপে জড়িত কৰোৱা হ’ব৷ এই বিষয়টোত ৰাজ্যসমূহৰ সৈতে আলোচনা কৰি থকা বুলিও তেওঁ উল্লেখ কৰে৷ কৰ’নাৰ বিৰুদ্ধে ভাৰতে উন্নতমানৰ স্বাস্থ্য সেৱাৰ জৰিয়তে কিছুমান উন্নত দেশতকৈও ভাল কাম কৰা বুলি প্ৰধানমন্ত্ৰীয়ে কয়৷ তেওঁ কয় যে কৰ’নাৰ আঠটা ভেকচিনৰ বিভিন্ন পৰ্যায়ৰ পৰীক্ষা চলি আছে আৰু এই ভেকচিনকেইটা ভাৰততো উৎপাদন কৰা হ’ব বুলি নিশ্চিত কৰা হৈছে৷ মোডীয়ে উল্লেখ কৰে যে বিশ্বই এক সুলভ আৰু সুৰক্ষিত ভেকচিন লাভ কৰাত গুৰুত্ব আৰোপ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here