অতিমাত্ৰা টোপনি আপোনাৰ বাবে হ’ব পাৰে কাল

0
1480

যদি আপোনাৰো মাত্ৰাধিক টোপনি যোৱাৰ অভ্যাস আছে, তেনেহ’লে সাৱধান৷ এয়া আপোনাৰ স্বাস্থ্যৰ পক্ষে হিতকাৰী নহয়৷ আমাৰ সুস্বাস্থ্য অটুট ৰাখিবলৈ টোপনিৰ অত্যন্ত প্ৰয়োজন৷ টোপনি ভালদৰে নহ’লে শৰীৰত বিভিন্ন ৰোগে দেখা দিব পাৰে৷ কিন্তু গৱেষণা কৰি পোৱা গৈছে যে যিসকল ব্যক্তিয়ে নিয়মিত ৰাতি আঠ ঘণ্টাতকৈ বেছি টোপনি মাৰে, তেওঁলোকৰ হৃদৰোগ হোৱাৰ সম্ভাৱনা অধিক হয়৷ দৈনন্দিন অধিক মাত্ৰাত টোপনিয়ে ডায়েবেটিছ, ষ্ট্ৰ’ক, কাৰ্ডিঅ’ভাস্কুলাৰ আদি হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে৷ ইয়াৰ ফলত অকাল মৃত্যুপৰ্যন্ত হ’ব পাৰে৷ মহিলাসকলৰ ক্ষেত্ৰত অধিক মাত্ৰাত অহা টোপনিয়ে উচ্ছ ৰক্তচাপ বৃদ্ধি কৰে, শৰীৰত ভাল কলেষ্টৰেলৰ মাত্ৰা হ্ৰাস কৰে, শৰীৰত চৰ্বিৰ পৰিমাণ বাঢ়ি ওজন হোৱাত সহায় কৰে৷ ইয়াৰ ফলত টাইপ-২ ডায়েবেটিছ, কেঞ্চাৰ, ষ্ট্ৰ’ক আদি ৰোগ হোৱাৰ সম্ভাৱনা থাকে৷ অকল টোপনিৰ পৰাই যে এনেধৰণৰ ৰোগ হ’ব পাৰে, তেনে নহয়; অধিক মাত্ৰাত বহু সময় ধৰি বহি থাকিলেও শৰীৰত নানা ৰোগ হ’ব পাৰে৷ থিয় হৈ থকা নাইবা খোজ কঢ়াতকৈ বহি থাকিলে আমাৰ শৰীৰত কেল’ৰিৰ মাত্ৰা বাঢ়ি যায়৷ ফলত কেঞ্চাৰ, হৃদৰোগজনিত অসুখত ভুগিব লগা হ’ব পাৰে৷ সেয়ে অত্যধিক পৰিমাণে টোপনি মাৰিব নালাগে, আমি দৈনিক আঠ ঘণ্টাকৈ শুব লাগে৷ নিয়মীয়াকৈ ব্যায়াম কৰা অত্যন্ত জৰুৰী৷ ব্যায়ামে শৰীৰক নিৰোগী আৰু সুস্থ কৰি ৰাখে৷ সেয়েহে আহক অধিক মাত্ৰাত টোপনিৰ পৰা বিৰত থাকোঁ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here