ভয়াৱহ ৰূপ লৈছে কৰ’নাই

0
2078

গ্ৰীষ্মকালত সংক্ৰমণৰ হাৰ সামান্য হ্ৰাস পোৱাৰ পাছত বিশ্বত পুনৰ কৰ’না ভাইৰাছৰ সংক্ৰমণে ভয়াৱহ ৰূপ লৈছে৷ চলিত মাহটোত সৰ্বাধিকসংখ্যক লোকৰ কৰ’নাৰ সংক্ৰমণ হয়৷ এতিয়া বিশ্বত প্ৰতিদিনে প্ৰায় ৫.৫৭ লাখ লোকৰ নতুনকৈ সংক্ৰমণ হৈছে৷ ই হ’ল অক্টোবৰত প্ৰতিদিনে হোৱা সংক্ৰমণৰ দুগুণ৷ উল্লেখ্য যে অক্টোবৰত প্ৰতিদিনে ৩.৮১ লাখ লোকৰ নতুনকৈ সংক্ৰমণ হৈছিল৷ ২৯ নৱেম্বৰত সমগ্ৰ বিশ্বতে সংক্ৰমণ হোৱা মুঠ লোকৰ সংখ্যা আছিল ৬,২৫,৫৮৬ ৷ যোৱা এক নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰৰ ভিতৰত বিশ্বত এক কোটি ৬১ লাখতকৈ অধিক লোকৰ নতুনকৈ সংক্ৰমণ হয়৷ উল্লেখ্য যে অক্টোবৰত মুঠ ৩১ দিনত কৰ’নাৰ সংক্ৰমণ হোৱা লোকৰ সংখ্যা আছিল ১.১৮ কোটি৷ মন কৰিবলগীয়া যে শীতকালত কৰ’নাৰ সংক্ৰমণৰ হাৰ ভয়াৱহ গতিত বৃদ্ধি পাবলৈ ধৰিছে৷ চলিত মাহত ১২ দিনত প্ৰতিদিনে ছয় লাখতকৈ অধিক লোকৰ সংক্ৰমণ হয়৷ ১২ নৱেম্বৰত সৰ্বাধিক ৬.৬২ লাখ লোকৰ সংক্ৰমণ হয়৷ বিশ্বত এইপৰ্যন্ত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ১৪,৬১,১০৩৷ ভাৰতত ২৪ ঘণ্টাত নতুনকৈ ৪১,৮১০ গৰাকী লোক আক্ৰান্ত হৈছে৷ ইয়াৰ লগে লগে দেশত মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৯৪,০৬,৯৯৫ লৈ৷ দেশত এতিয়ালৈকে মৃত্যু হোৱা লোকৰ সংখ্যা হ’ল ১,৩৬,৮৭৮৷ আনহাতে সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা হৈছেগৈ ৪,৪৩,৯৫৬৷ ২৪ ঘণ্টাত সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা ৪২,২৯৮ ৷ উল্লেখ্য যে বিশ্বত কৰ’নাৰ সৰ্বাধিকসংখ্যক লোকৰ সংক্ৰমণ হৈছে আমেৰিকাত৷ দেশখনত একেৰাহে ২৫ দিনৰ বাবে নতুনকৈ সংক্ৰমণ হোৱা লোকৰ সংখ্যা এক লাখতকৈ অধিক হয়৷ আমেৰিকাত এদিনত সৰ্বাধিক ২.০৮ লাখ লোকৰ সংক্ৰমণ হৈছিল যোৱা ২০ নৱেম্বৰত৷ যোৱা ২৮ নৱেম্বৰত আমেৰিকাত ১২১২জন লোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here