ভেকচিন প্ৰস্তুতকৰ্তা প্ৰতিষ্ঠানত প্ৰধানমন্ত্ৰী

0
2122

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৱা ২৮ নৱেম্বৰত কৰ’না ভাইৰাছৰ ভেকচিন উৎপাদন কৰি থকা তিনিটা প্ৰতিষ্ঠান ভ্ৰমণ কৰে৷ মোডীয়ে প্ৰতিষ্ঠান তিনিটা ভ্ৰমণ কৰি কৰ’নাৰ ভেকচিনৰ অগ্ৰগতিৰ বিষয়ে বুজ লয়৷ ভেকচিন উৎপাদনৰ কামত জড়িত হৈ থকা লোকসকলক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক সকলোধৰণৰ সহায়ৰ আশ্বাস দিয়ে৷ প্ৰধানমন্ত্ৰীয়ে প্ৰথমে গুজৰাটৰ আহমেদাবাদত থকা জায়ডাছ কেডিলাৰ ভেকচিন উৎপাদন কৰা প্ৰতিষ্ঠান ভ্ৰমণ কৰে৷ উল্লেখ্য যে এই ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা চলি আছে৷ প্ৰধানমন্ত্ৰীয়ে কোম্পানীৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত ভেকচিন প্ৰস্তুতৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে৷ তাৰ পাছতে তেওঁ হায়দৰাবাদত অৱস্থিত ভাৰত বায়’টেক প্ৰতিষ্ঠান ভ্ৰমণ কৰি কৰ’নাৰ ভেকচিনৰ প্ৰস্তুতিৰ বিষয়ে বুজ লয়৷ উল্লেখ্য যে ভাৰত বায়’টেকে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ সহযোগত কৰ’নাৰ ভেকচিন কভেক্সিন উৎপাদন কৰি আছে৷ কভেক্সিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা চলি আছে৷ ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে পুনেত থকা ছিৰাম ইন্‌ষ্টিটিউট অব্‌ ইণ্ডিয়ালৈ যায়৷ ছিৰাম ইন্‌ষ্টিটিউটত অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ে প্ৰস্তুত কৰা কৰ’নাৰ ভেকচিন কভিশ্বিল্ডৰ উৎপাদন কৰি থকা হৈছে৷ ভাৰতত এই ভেকচিনৰ তৃতীয় পযাৰ্য়ৰ কৰীক্ষা চলি আছে৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰতিষ্ঠান তিনিটাত কৰা ভ্ৰমণে ভাৰতীয় নাগৰিকক টিকাকৰণৰ প্ৰস্তুতি, এই ক্ষেত্ৰত সন্মুখীন হ’ব লগা প্ৰত্যাহবান আৰু ৰূপৰেখা প্ৰস্তুত কৰাত সহায় কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here