ওকণিয়ে আপোনাক আমনি কৰিছে নেকি?

0
1617

ওকণি এবিধ অতি সৰু পৰজীৱী প্ৰাণী৷ ই মানুহৰ মূৰৰ ছালত বাস কৰি তেজ শুহি খায়৷ ওকণি হ’লে ছালত খহু হয় আৰু খজুৱায়৷ ওকণিৰ পৰা কোনো মাৰাত্মক ৰোগ নহ’লেও, ওকণি হ’লে মূৰৰ খজুৱতি হোৱাৰ লগতে লেতেৰা অনুভৱ কৰা যায়৷ আনে ব্যৱহাৰ কৰা ফণি, বেন, ক্লিপ আদিৰ জৰিয়তে এজনৰ পৰা আনজনৰ মূৰলৈ ওকণি যাব পাৰে; আকৌ আনৰ হেলমেট, টুপি, স্কাৰ্ফ আিদৰ পৰাও ওকণি এজনলৈ বিয়পিব পাৰে৷ ওকণিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি কিছুমান কাম কৰা নিতান্তই আৱশ্যক৷ দুপৰ টেঙাৰ পাত কেইখিলামান মূৰত প্ৰলেপ দিলে ওকণি মৰে৷ মহানিমৰ পাতেৰে মূৰ ধুলেও ওকণি নাইকিয়া হয়৷ শেৱালি ফুলৰ গুটি থেতেলিয়াই মূৰত সানিলে সুফল পোৱা যায়৷ ওকণি থকা মূৰত মহাভৃংগৰাজৰ পাত খুন্দি মূৰত প্ৰলেপ দিলেও ওকণি নিৰ্মূল হয়৷ আমলখি আৰু গোলনেমুৰ ৰস মিহলাই তাত অলপমান কুহুমীয়া পানী দি মূৰ ধুলে ওকণি মৰে৷ পাণ বা পিঁয়াজৰ ৰস মূৰত নগালেও ওকণি নাইকিয়া হয়৷ মূৰটো সদায় পৰিষ্কাৰকৈ ধুই থাকিব লাগে৷ বজাৰত পোৱা ওকণিনাশক ছেম্পুৰে মূৰ ধুলেও ওকণি নোহোৱা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here