কল খাওক : মানসিক অৱসাদ দূৰ হ’ব

0
1785


অসমীয়াত এটি পদ্য আছে–
“কল কল কল,
কল এবিধ ফল,
কল খালে গাত হয় হাতীৰ সমান বল।”

কলক ‘ফলৰ ৰজা’ বুলি কোৱা হয়৷ কল ভাল নোপোৱা মানুহ নাই বুলিয়েই ক’ব পাৰি৷ কলত প্ৰচুৰ পৰিমাণে ভিটামিন থাকে৷ আপুনি জানেনে– কলে আমাৰ মানসিক অৱসাদ দূৰ কৰিব পাৰে৷ আমাৰ শৰীৰক দৈনন্দিন ৩০ শতাংশ ভিটামিন-বি৬-অৰ দৰকাৰ হয়৷ এই প্ৰয়োজনীয় ভিটামিনখিনি কলত পোৱা যায় বাবে আমি সদায় কল খোৱাটো অতিকে দৰকাৰী৷ ভিটামিন-বি৬-এ মগজুত ছেৰ’টনিন(serotonin) উৎপন্ন কৰাত সহায় কৰে৷ ছেৰ’টনিন হৈছে এনে এবিধ ৰসায়ন, যিয়ে মগজুক সতেজ আৰু সক্ৰিয় কৰি ৰাখে৷ ইয়াক কেতিয়াবা ‘হেপ্পি কেমিকেল’ বুলিও কোৱা হয়৷ ইয়াৰ বৈজ্ঞানিক নাম হৈছে 5-HT( 5-Hydroxy Tryptamine )৷ ছেৰ’টনিনে আমাক ভালদৰে টোপনি অহা আৰু বস্তুৰ বিপাক ক্ৰিয়াত সহায় কৰে৷ গতিকে দুশ্চিন্তা, মানসিক চাপ আদি দূৰ কৰিবলৈ নিয়মিত এটাকৈ কল খাওক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here