কাণ পকিলে কি কৰিব?

0
2713

কাণ দুখন আমাৰ শৰীৰৰ এবিধ অপৰিহাৰ্য অংগ৷ আমাৰ শ্ৰৱণ শক্তিৰ মুখ্য অংগটো হৈছে কাণ৷ সাধাৰণতে কাণ দুখনত বিভিন্ন ৰোগ হ’ব পাৰে৷ তাৰ ভিতৰত কাণ পকা অন্যতম৷ কাণ অপৰিষ্কাৰকৈ ৰাখিলে নানা জীৱাণুৰ দ্বাৰা আক্ৰান্ত হৈ এই ৰোগ হ’ব পাৰে৷ ইয়াৰ উপৰি কাণৰ ভিতৰত পানী সোমায়ো কান পকিব পাৰে৷ কাণ পকিলে কাণৰ ভিতৰত ফোঁহা হৈ সেই ফোঁহা পকি পূঁজ ওলায়৷ ফলত কাণখন ফুলি গৈ অসহ্যকৰ বিষ অনুভৱ হয়৷ কাণেৰে কম শুনে৷ আকৌ কেতিয়াবা কলা হোৱাও দেখা যায়৷ কাণৰ এনেকুৱা অৱস্থা হ’লে গৰম সেক দিব লাগে৷ অৰ্জুন গছ বা চালকুঁৱৰীৰ পাতৰ ৰস কাপোৰেৰে চেকি কাণত টোপ টোপকৈ দিলে কাণৰ বিষ নাইকিয়া হয়৷ তুলসী পাতৰ ৰস গৰম কৰি কাণত সহ্য কৰিব পৰাকৈ দিলে বিষ কমে আৰু পকনিবোৰ শুকাই যায়৷ কাণত পোক হ’লে পদিনাৰ ৰস কাণত দিলে পোক সহজে মৰে৷ কেঁচা জেতুকা পাতৰ ৰস উলিয়াই কাণত কেইটোপালামান দিলে সুফল পোৱা যায়৷ নহৰু খুন্দি তাৰ ৰস গৰম কৰি কাণত কেইটোপালমান দিলে যথেষ্ট উপকাৰ পোৱা যায়৷ পিয়াজৰ ৰস উলিয়াই অলপ গৰম কৰি কুহুমীয়া অৱস্থাত দিলে বিষ নাইকিয়া হয়৷ ক’লা কচুৰ ঠাৰি বিশুদ্ধ নাৰিকল তেলত লগাই জুইত সেকি কাণ সৰকিয়ালে কাণ পকা ৰোগ ভাল হয়৷ লক্ষ্য কৰিব লাগে যাতে কাণদুখন সদায় পৰিষ্কাৰ হৈ থাকে৷ পিন বা তেনেজাতীয় বস্তুৰে কেতিয়াও কাণ খুঁচৰিব নালাগে৷ গা ধুই আহিয়েই কাণ দুখন ভালদৰে মচিব লাগে৷ এনেধৰণৰ বিধান অৱলম্বন কৰি সুফল নাপালে তৎক্ষণাৎ ডাক্তৰৰ ওচৰ চাপিব লাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here