এষ্ট্ৰ’জেনেকাই স্বীকাৰ কৰিলে ভেকচিনৰ উৎপাদনত হোৱা ভুলৰ কথা

0
2614

অক্সফ’ৰ্ড বিশ্ববিদ্যালয় আৰু এষ্ট্ৰ’জেনেকাই তেওঁলোকৰ কৰ’নাৰ ভেকচিনৰ উৎপাদনত হোৱা ভুলৰ কথা স্বীকাৰ কৰিছে৷ ইয়াৰ পাছত এতিয়া এই ভেকচিনৰ পৰীক্ষাৰ প্ৰাৰম্ভিক ফলক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে৷ এটা বিবৃতিত অক্সফ’ৰ্ড আৰু এষ্ট্ৰ’জেনেকাই ভেকচিনৰ উৎপাদনত হোৱা ভুলৰ কথা স্বীকাৰ কৰে৷ উল্লেখ্য যে কেইদিনমানৰ আগতে এষ্ট্ৰ’জেনেকা আৰু অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ে এই বুলি প্ৰকাশ কৰিছিল যে তেওঁলোকে প্ৰস্তুত কৰা ভেকচিন অত্যন্ত সফল৷ এষ্ট্ৰ’জেনেকা আৰু অক্সফ’ৰ্ডে প্ৰকাশ কৰা এখন প্ৰতিবেদনত এই ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষাৰ ফল প্ৰকাশ কৰা হৈছিল আৰু ইয়াত ভিন্ন ভিন্ন ধৰণৰ ফল পোৱা বুলি কোৱা হৈছিল৷ ইয়াৰ পাছত অক্সফ’ৰ্ডৰ ভেকচিনৰ পৰীক্ষাৰ প্ৰক্ৰিয়াক লৈ প্ৰশ্নৰ অৱতাৰণা কৰিছিল৷ পৰীক্ষাৰ প্ৰতিবেদনখনত এই বুলি কোৱা হৈছিল যে ব্ৰিটেইন আৰু ব্ৰাজিলত কৰা পৰীক্ষাৰ সময়ত স্বেচ্ছাসেৱকক ভেকচিনৰ আধা ড’জ দিয়াত কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধ কৰাত ৯০% সফল হৈছিল, ইয়াৰ পাছত দ্বিতীয় মাহত সম্পূৰ্ণ ড’জ দিয়াত এই ভেকচিন ৬২% সফল হোৱা বুলি জানিব পৰা হয়৷ আনহাতে এমাহৰ ব্যৱধানত দুটা সম্পূৰ্ণ ড’জ দিয়াত ভেকচিনৰ প্ৰভাৱ ৭০% দেখা পোৱা গৈছিল বুলি কোৱা হৈছে৷ কিন্তু যিধৰণেৰে এই ফল লাভ কৰা বুলি প্ৰতিবেদনখনত প্ৰকাশ কৰা হৈছে তাক লৈ বিশেষজ্ঞসকলে প্ৰশ্নৰ অৱতাৰণা কৰিছে৷ এই পৰীক্ষাত ভেকচিনৰ আধা ড’জ দিয়া স্বেচ্ছাসেৱকসকল কৰ’নাৰ বিৰুদ্ধে সম্পূৰ্ণ ড’জ দিয়া স্বেচ্ছাসেৱকসকলতকৈ আগতকৈ অধিক সুৰক্ষিত বুলি প্ৰকাশ পাইছে৷ যিটোৱে আশ্চৰ্যৰ সৃষ্টি কৰে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here