জীৱনৰ সকলোতকৈ সুৰক্ষিত আৰু আৰামৰ সময় হৈছে মাতৃগৰ্ভত থকা ৯ মাহ৷ এগৰাকী গৰ্ভৱতী মাতৃৰ সন্তান স্বাভাৱিক বা পৈণত প্ৰসৱ কৰাৰ নিৰ্দিষ্ট সময় থাকে৷ সাধাৰণতে প্ৰসূতি মাতৃগৰাকীৰ গৰ্ভত ন মাহৰ পাছত সন্তানে পূৰ্ণতাপ্ৰাপ্তি লাভ কৰে৷ কিছু কিছু ক্ষেত্ৰত দেখা যায় যে গৰ্ভৱতী মাতৃ এগৰাকীয়ে নিৰ্দিষ্ট সময়ৰ আগতে অভ্যন্তৰীণে হওক বা বাহ্যিকেই হওক, বিভিন্ন কাৰণবশতঃ সন্তান জন্ম দিয়ে৷ এনেধৰণে সন্তান জন্ম হ’লে শিশুটিক প্ৰি-মেচিউৰ শিশু বোলে৷ সাধাৰণতে এনেদৰে জন্ম হোৱা শিশু আন শিশুতকৈ শাৰীৰিকভাৱে দুৰ্বল, নিশকতীয়া, মস্তিষ্কৰ পূৰ্ণ বিকাশ নোহোৱাৰ লগতে সকলো ক্ষেত্ৰতে অসুবিধা হোৱা দেখা যায়৷ এনে শিশুৰ ক্ষেত্ৰত বিশেষ পৰিচৰ্যাৰ খুবেই দৰকাৰ হয়৷ অপৈণত শিশুৰ ক্ষেত্ৰত শিশুটিৰ স্নায়ৱিক প্ৰক্ৰিয়া সক্ৰিয় হৈ নুঠে৷ যাৰ ফলত শিশুৰ স্বাভাৱিক উশাহ-নিশাহ লোৱাত কষ্ট হয়৷ এনেকুৱা সমস্যাই দেখা দিয়া ৰোগবিধকে এপিনিঅ’ অব্ প্ৰি-মেচিউৰিটি (Apnea of Prematurity) বুলি কোৱা হয়৷ এই সমস্যা শিশুটি জন্ম হোৱাৰ দুদিন পাছৰ পৰা দেখা দিয়ে আৰু দুইৰ পৰা তিনি মাহ পৰ্যন্ত থাকে৷ অৱশ্যে শিশুটি ডাঙৰ হোৱাৰ লগে লগে এই সমস্যা নাইকিয়া হৈ আহে৷ সৰু আৰু বেছি অপৈণত শিশুৰ ক্ষেত্ৰত এই সমস্যা অধিক দেখা যায়৷ এপিনিঅ’ অব্ প্ৰি-মেচিউৰিটি হ’লে শিশুটিয়ে শুই থকাৰ সময়ত ১৫-২০ ছেকেণ্ডলৈ শিশুটিৰ উশাহ বন্ধ হৈ যায় আৰু শিশুটিৰ দেহৰ বৰণ শেঁতা-নীলা ৰঙৰ হয়৷ ই দিনত কেইবাৰো হ’ব পাৰে৷ তেনেকুৱা হ’লে চিকিৎসকে শিশুটিৰ হাত, ভৰি মালিচ কৰি উশাহ ঘূৰাই অনাৰ চেষ্টা কৰে৷ কেতিয়াবা শিশুটিক অক্সিজেনপৰ্যন্ত দিব লগাও হয়৷ সেয়েহে আমি গৰ্ভৱতী মাতৃৰ উপযুক্তভাৱে যতন লব লাগে যাতে প্ৰসৱকালীন সময়ত মাতৃগৰাকীয়ে এটা সুস্থ, সবল আৰু নিৰোগী শিশু জন্ম দিব পাৰে।