কভেক্সিন ভেকচিনৰ ৬০ শতাংশ সফলতা

0
2729

ভাৰত বায়’টেকে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ, চমুকৈ ‘আই চি এম আৰ’ৰ সহযোগত প্ৰস্তুত কৰা কৰ’নাৰ ভেকচিন কভেক্সিনৰ পৰীক্ষা কমেও ৬০ শতাংশ সফল হৈছে৷ ভাৰত বায়’টেকে এই কথা প্ৰকাশ কৰে৷ কোম্পানীটোৰ তৰফৰ পৰা কোৱা হৈছে যে তেওঁলোকৰ গৱেষকসকলে জনোৱা মতে, কভেক্সিন কমেও ৬০ শতাংশ সফল হোৱাৰ সম্ভাৱনা আছে৷ প্ৰতিষ্ঠানটোত কোৱালিটি অপাৰেশ্যনছৰ মুৰব্বী ছাই ডি প্ৰসাদে এই কথা প্ৰকাশ কৰে৷ তেওঁ কয় যে বিশ্ব স্বাস্থ্য সংস্থা আৰু আমেৰিকান ফুড এণ্ড ড্ৰাগ্‌ছ এডমিনিষ্ট্ৰেশ্যন আৰু ভাৰতৰ চেণ্ট্ৰেল ড্ৰাগ্‌ছ কণ্ট্ৰল অৰ্গেনাইজেশ্যনে শ্বাস-প্ৰশ্বাসৰ ৰোগৰ বাবে অনুমোদন জনোৱা ভেকচিন কমেও ৫০ শতাংশ প্ৰভাৱশালী কৰাৰ লক্ষ্য লৈছিল৷ তেওঁ লগতে কয় যে ভাৰত বায়’টেকে এই ভেকচিন কমেও ৬০ শতাংশ প্ৰভাৱশালী কৰাৰ লক্ষ্য লৈছিল৷ ইয়াৰ পৰা এতিয়া এই কথা স্পষ্ট হৈ পৰিছে যে কৰ’নাৰ ভেকচিন কভেক্সিন ৫০ শতাংশতকৈ প্ৰভাৱশালী হোৱাৰ সম্ভাৱনা নাই৷ উল্লেখ্য যে ভাৰতত প্ৰায় ২৬ হাজাৰ স্বেচ্ছাসেৱকক লৈ কভেক্সিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা চলি আছে৷ ইফালে আমেৰিকাৰ প্ৰতিষ্ঠান মডাৰ্নাই বায়’ এনটেকৰ সহযোগত প্ৰস্তুত কৰা ভেকচিন অচিৰেই বজাৰলৈ অহাৰ সম্ভাৱনা আছে৷ মডাৰ্নাই প্ৰকাশ কৰা মতে, তেওঁলোকে প্ৰস্তুত কৰা ভেকচিনৰ প্ৰতিটো ড’জৰ দাম ২৫–৩৭ আমেৰিকান ডলাৰ, অৰ্থাৎ ১৮৫৪–২৭৪৪ টকা হ’ব৷ ইফালে ভাৰতত কৰ’নাৰ ভেকচিন সেৱাৰ বাবে আধাৰ লিংকৰ প্ৰয়োজন হ’ব৷ উল্লেখ্য যে ভাৰতে ডিচেম্বৰৰ পৰা এপ্ৰিলৰ ভিতৰত কৰ’নাৰ ভেকচিন লাভ কৰাৰ সম্ভাৱনা আছে৷ ভাৰতত কৰ’নাৰ ভেকচিনক লৈ যাতে কোনোধৰণৰ নকল কৰিব নোৱাৰে, তাৰ বাবে কভিন এপৰ সহায় লোৱা হ’ব৷ ইয়াৰ লগতে কৰ’নাৰ ভেকচিনৰ টিকাকৰণ কৰিবলগীয়া ব্যক্তিয়ে আধাৰ লিংক কৰিবই লাগিব৷ ইয়াৰ লগতে কৰ’নাৰ টিকাকৰণৰ বাবে স্কুল, পঞ্চায়তী ভৱন, অংগনৱাড়ী কেন্দ্ৰৰ দৰে স্থানত বুথ স্থাপন কৰা হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here