বিশ্বত পুনৰ কৰ’নাৰ ভয়াৱহ ৰূপ

0
1373
কৰ’নাৰ ভয়াৱহতা পুনৰ গোটেই বিশ্বতে ব্যাপকভাৱে বিস্তাৰিত হৈছে৷ বিশ্বত কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যাই পাঁচ কোটিৰ সীমা অতিক্ৰম কৰিছে৷ এই মহামাৰীত বিশ্বত এইপৰ্যন্ত ১৩.১৭ লাখ লোকৰ মৃত্যু হৈছে৷ আনহাতে আমেৰিকাত কৰ’না ভাইৰাছৰ সংক্ৰমণ হোৱা লোকৰ সংখ্যা যোৱা ১৬ নৱেম্বৰত এক কোটিৰ সীমা অতিক্ৰম কৰে৷ যোৱা এসপ্তাহতকৈ কম সময়ৰ ভিতৰত দেশখনত দহ লাখতকৈ অধিক লোক এই ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হয়৷ কৰ’না সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ৱাশ্বিংটনৰ উপৰি মিচিগানকে ধৰি কেইবাখনো ৰাজ্যত নতুনকৈ নিষেধাজ্ঞা আৰোপ কৰিছে৷ আমেৰিকাত সংক্ৰমণ হোৱা লোকৰ সংখ্যা ১.১ কোটিলৈ বৃদ্ধি পাইছে৷ কৰ’নাৰ সংক্ৰমণৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হোৱা আমেৰিকাত ১,১০,৩৬,৯৩৭ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ২,৪৬,২১৪ গৰাকী লোকৰ মৃত্যু হৈছে৷ আনহাতে আটাইতকৈ বেছি সংক্ৰমণ হোৱা দেশৰ তালিকাৰ তৃতীয় স্থানত থকা ব্ৰাজিলত ৫৮.৬৩ লাখ লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ১,৬৫,৭৯৮ গৰাকী লোকৰ মৃত্যু হৈছে৷ উল্লেখ্য যে বিশ্বত যোৱা ২৪ ঘণ্টাত ৬.৬ লাখ লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে৷ ইফালে বিশ্ব স্বাস্থ্য সংস্থাই এইবুলি কয় যে কৰ’নাৰ বিৰুদ্ধে হোৱা যুঁজত এতিয়াও বহুত দীঘলীয়া পথ বাকী আছে৷ সংগঠনটোৱে বিশ্বত পৰৱৰ্তী মহামাৰীৰ বাবে সাজু হৈ থাকিবলৈও আহ্বান জনায়৷ বিশ্ব স্বাস্থ্য সংগঠনৰ মতে, বিশ্বত কৰ’নাই ভয়াৱহ ৰূপ লোৱাৰ সময়তে এতিয়া সামাজিক দূৰত্ব, মাস্ক আৰু ছেনিটাইজাৰৰ উপৰি আন বিকল্পৰ কথাও চিন্তা কৰি চাবলৈ দোহাৰে৷ সংস্থাটোৰ মুৰব্বী টেড্ৰোজ গেব্ৰিয়েচাছে কয় যে অকল কৰ’নাৰ প্ৰতিষেধকে কৰ’নাৰ অন্ত পেলাব নোৱাৰে৷ কৰ’না সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ পূৰ্বৰ দৰেই সাৱধানতা অৱলম্বন কৰিব লাগিব৷ কেৱল কৰ’না প্ৰতিষেধকে এই মহামাৰীক প্ৰতিহত কৰিবলৈ যথেষ্ট নহয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here