কপালভাটি কৰিলে কিধৰণৰ সুফল পাব ?

0
2274

হাজাৰ ব্যস্ততাৰ মাজত ৰাতিপুৱা শুই উঠি ব্যায়াম কৰাৰ বাবে আমাৰ কাৰো সময় নাথাকে৷ তাৰ মাজতে যদি অকণমান সময় উলিয়াই ৰাতিপুৱাৰ ভাগত আধা ঘণ্টা ব্যায়াম কৰোঁ, তেন্তে শৰীৰ সুস্থ হৈ থকাৰ লগতে মনটোও দিনটোৰ বাবে সতেজ অনুভৱ কৰোঁ৷ এনেধৰণৰ বহুতো ব্যায়াম বা আসনৰ ভিতৰত কপালভাটি অন্যতম৷ কপালভাটি আসন কৰিলে মানসিক, শাৰীৰিক আৰু আধ্যাত্মিক চিন্তাৰ উন্নতি ঘটে৷ কপালভাটি আসন কৰাৰ পদ্ধতি হৈছে– প্ৰথমে নিজৰ সুবিধা মতে এটা নিৰিবিলি পৰিৱেশ বাছি ল’ব লাগে৷ একেবাৰে সমতল ঠাইত প্ৰথমে পদ্মাসনত বহি ল’ব লাগে৷ তাৰ পাছত দুয়োখন হাত আঁঠুৰ ওপৰত ৰাখি তৰ্জনী আৰু বুঢ়া আঙুলি যুক্ত কৰি জ্ঞানমুদ্ৰা ধাৰণ কৰিব লাগে৷ চকু দুটা মুদি লাহে লাহে উশাহ-নিশাহ গ্ৰহণ কৰিব লাগে৷ এনেদৰে ক্ৰমান্বয়ে উশাহ দীঘলকৈ লৈ লাহে লাহে নিশ্বাস এৰি দিব লাগে৷ এইদৰে কেইবাবাৰো কৰিব লাগে৷ তাৰ পাছত শৰীৰটোক আৰাম দিব লাগে৷ এনে কৰিলে দীঘলকৈ উশাহ লওঁতে পেটটো চেপেটা হয় আৰু নিশ্বাস এৰিলে পেটটো ফুলি যায় বাবে পেটত মাংসপেশীৰ ওপৰত প্ৰভাৱ পৰে৷ ফলত লিভাৰ আৰু অগ্নাশয়ৰ কাৰ্যক্ষমতা বৃদ্ধি পায়৷ হজম শক্তি বাঢ়ে, পেটত চৰ্বি জমা হ’ব নোৱাৰে লগতে গেছৰ সমস্যাও নিৰ্মূল কৰে৷ নিয়মিতভাৱে কৰা কপালভাটিয়ে হূদপিণ্ডক সুৰক্ষা প্ৰদান কৰে৷ এই আসনে শৰীৰত শক্তি বৃদ্ধি কৰে, স্মৃতিশক্তিৰ উন্নতি ঘটায়৷ একাধিক গৱেষণাৰ পৰা দেখা গৈছে নিয়মিত কপালভাটি অনুশীলন কৰিলে মানসিক আৰু শাৰীৰিক অৱস্থাৰ উন্নতি ঘটাৰ লগতে আধ্যাত্মিকতাৰ বিকাশ ঘটে৷ সেয়েহে আহক, সদায় ৰাতিপুৱা শুই উঠিয়েই অইন আসনৰ লগতে কপালভাটি আসন কৰি শৰীৰ সুস্থ আৰু নিৰোগী কৰো আৰু এই অভ্যাস সদায় বৰ্তাই ৰাখো৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here