এইমছৰ সঞ্চালকৰ আশা : কৰ’নাৰ বিৰুদ্ধে ভাৰতীয়সকলে ৰোগ প্ৰতিৰোধ ক্ষমতা লাভ কৰিব

0
2081

ভাৰতত কৰ’না ভাইৰাছৰ বিৰুদ্ধে জনসাধাৰণৰ শৰীৰত নিজে নিজে প্ৰতিৰোধ ক্ষমতাৰ সৃষ্টি হ’ব বুলি আশা প্ৰকাশ কৰিছে দিল্লীস্থিত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ ‘এইমছ’ৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰীয়াই৷ গুলেৰীয়াই কয়– ‘দেশত আমি যিধৰণৰ প্ৰৱণতা দেখা পাইছোঁ, তাৰ পৰা আমি এইবুলি ক’ব পাৰোঁ যে কৰ’নাৰ ভেকচিন অহাৰ আগতেই ভাৰতীয়ৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি উঠিব৷ অৱশ্যে সেইটো হ’বলৈ হ’লে ভাইৰাছে নিজৰ ৰূপ সলনি কৰিব নালাগিব৷’ ডাঃ গুলেৰীয়াই কয় যে পৰৱৰ্তী কিছু সময়ৰ পাছতে ভাৰতে এনেকুৱা এটা পৰ্যায়ত উপনীত হ’ব, য’ত দেশৰ জনসাধাৰণৰ ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি উঠিব আৰু তেওঁলোকক ভেকচিন দিয়াৰ প্ৰয়োজনীয়তা নহ’ব৷ তেওঁ লগতে কয় যে  শীতকালত প্ৰদূষণৰ বাবে কৰ’না ভাইৰাছে ইয়াৰ সৈতে মিলি অধিক সময়লৈ বায়ুমণ্ডলত থাকিব পাৰে৷ সেয়ে শীতকালত কৰ’নাৰ সংক্ৰমণ অধিক হ’ব বুলিও তেওঁ ব্যক্ত কৰে৷ গতিকে ইয়াৰ পৰা হাত সাৰিবলৈ জনসাধাৰণ অধিক সতৰ্ক হোৱাৰ লগতে মাস্ক পিন্ধা, সামাজিক দূৰত্ব মানি চলা আদিবোৰ বৰ্তাই ৰাখিবলৈ আহ্বান জনায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here