দিল্লীত পুনৰ কৰ’নাৰ সংক্ৰমণ বৃদ্ধি

0
1339

শেহতীয়াকৈ দেশৰ ৰাজধানী দিল্লীত কৰ’না ভাইৰাছৰ সংক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি পোৱাত শংকিত হৈছে দিল্লীবাসী৷ দিল্লীত যোৱা কিছুদিন ধৰি ভয়াৱহ গতিত বাঢ়িছে কৰ’নাৰ সংক্ৰমণ৷ দেশৰ বিভিন্ন ৰাজ্যত কৰ’নাত আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পোৱাৰ বিপৰীতে দিল্লীত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বাঢ়িবলৈ লোৱাত চিন্তিত হৈছে দিল্লী চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰ৷ ৰাজ্যখনত কৰ’না সংক্ৰমণৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যৰ সংকটময় পৰিস্থিতিৰ সন্দৰ্ভত এক জৰুৰী বৈঠকৰ আহ্বান কৰে৷ এই বৈঠকত উপস্থিত থাকে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ লগতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধন, উপ-ৰাজ্যপাল অনিল বৈজাল৷ দিল্লীৰ স্বাস্থ্য বিভাগে জনোৱা মতে, বিগত ২৪ ঘণ্টাত দিল্লীত নতুনকৈ ৭৩৪০জন লোক কৰ’নাত আক্ৰান্ত হৈছে৷ কালিলৈকে দিল্লীত মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ ৪,৮৫,৪০৫ হয়৷ মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৭৬১৪ ৷ আনহাতে দিল্লীত কৰ’না ৰোগীৰ সংখ্যা অভাৱনীয়ভাৱে বাঢ়ি যোৱাত এতিয়া চিকিৎসালয়সমূহত কৰ’না ৰোগী ৰখাৰ বাবে আই চি ইউৰ নাটনি হোৱাৰ আশংকা কৰা হৈছে৷ ইতিমধ্যে দিল্লী চৰকাৰে অতিৰিক্ত ৩০০খন বিছনা যোগান ধৰিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ আনহাতে বৰ্তমানলৈকে ভাৰতত কৰ’নাত মুঠ আক্ৰান্তৰ সংখ্যা ৮৮,১৬,৪০১লৈ বৃদ্ধি পালে৷ মৃত্যু হোৱাৰ লোকৰ সংখ্যা ১,২৯,৬৯৬ আৰু এইপৰ্যন্ত ৮২,০৫,৭২৮ গৰাকী লোক সুস্থ হৈ উঠিছে৷ দিল্লীৰ লগতে আন কেইবাখনো ৰাজ্যতো কৰ’নাৰ তৃতীয় পৰ্যায়ৰ সংক্ৰমণ আৰম্ভ হ’বলৈ ধৰিছে৷ এনেদৰে কৰ’নাৰ সংক্ৰমণ পুনৰ বৃদ্ধিয়ে সকলোকে সন্ত্ৰস্ত কৰিছে৷ সেয়ে সময় থাকোঁতেই পুনৰ কৰ’না মহামাৰীৰ সংক্ৰমণ নৌহওঁতেই আমি অধিক সাৱধান হোৱা উচিত৷ সেয়েহে আমি সকলোৱে প্ৰশাসনে জাৰি কৰা কভিড প্ৰট’কলবোৰ মানি কৰ’না মহামাৰীৰ পৰা নিজৰ লগতে সমাজক বচাই ৰাখো আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here