স্বৰ্ণদুগ্ধ( Golden milk ) কি ?

0
2153

বিশ্বত কভিড-১৯অৰ সংক্ৰমণ অব্যাহত থকাৰ সময়তে ভাৰতবৰ্ষত ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধিৰ অৰ্থে আয়ুৰ্বেদিক চিকিৎসাৰ ওপৰত সৰ্বতোপ্ৰকাৰে গুৰুত্ব দিয়া দেখা পোৱা গৈছে৷ এই চিকিৎসাৰ ৰোগ প্ৰতিৰোধী ক্ষমতাৰ কথা কওঁতে সবাতোকৈ চৰ্চিত এটা নাম হৈছে স্বৰ্ণদুগ্ধ বা গোল্ডেন মিল্ক। কি এই স্বৰ্ণদুগ্ধ ? ১৫০ মিলিলিটাৰ গাখীৰত এচামুচ কেঁচা হালধিৰ ৰস নাইবা এচামুচ শুকান হালধিৰ গুৰিৰ মিশ্ৰণেৰে উতলাই প্ৰস্তুত কৰা গাখীৰকে স্বৰ্ণদুগ্ধ বুলি কোৱা হয়৷ ভাৰতবৰ্ষত পৰম্পৰাগতভাৱেও স্বৰ্ণদুগ্ধ সেৱন কৰাটো বছৰ বছৰ ধৰি গাঁৱে-ভূঞে প্ৰচলিত হৈ আহিছে৷ ই এবিধ স্বাস্থ্যৰ পক্ষে অত্যন্ত উপকাৰী উপাদান৷ এই মিশ্ৰণবিধৰ সামগ্ৰিক উপকাৰিতা বৃদ্ধিৰ কাৰণে কেতিয়াবা উতল অহাৰ অৱস্থাত সামান্য পৰিমাণে ডালচেনি, মৌ নাইবা শুকান আদাৰ গুড়িও মিহলোৱা হয়৷

স্বৰ্ণদুগ্ধৰ গুণাগুণ–

হালধিৰ কেঁচা ৰস নাইবা শুকান গুড়িত কাৰ্কুমিন(curcumin ) নামৰ এক দ্ৰব্য থাকে, যিয়ে শৰীৰক অনেক ৰোগৰ পৰা বচাই ৰখাত সহায় কৰে৷ আয়ুৰ্বেদ শাস্ত্ৰত গাখীৰক হালধিৰ অনুপান হিচাপে ব্যাখ্যা কৰা হৈছে৷ ইয়াৰ অৰ্থ হৈছে যে হালধিত থকা কাৰ্কুমিন নামৰ দ্ৰব্যবিধ শৰীৰে সোনকালে অৱশোষণ কৰিব নোৱাৰে, কিন্তু গাখীৰৰ লগত সংযোজিত হোৱাৰ লগে লগে ই ৰক্তবাহিনী নলিকাৰ দ্বাৰা অতি শীঘ্ৰে বিভিন্ন অংগ-প্ৰত্যংগলৈ অৱশোষিত হৈ পৰাৰ লগতে ইয়াৰ গুণাগুণসমূহো অত্যধিকভাৱে লাভ কৰাত সহায়ক হৈ পৰে৷ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ উপৰিও ইয়াৰ উপকাৰিতা সৰ্বশৰীৰ ব্যাপি দেখা পোৱা যায়৷ তাৰে কেইটামান হৈছে–
১) শ্বাস-প্ৰশ্বাসজনিত ৰোগত :
বতৰৰ পৰিৱৰ্তন নাইবা বিভিন্ন ভাইৰাছ-বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত মানুহে অনেক ধৰণৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগত ভুগিবলগীয়া হয়৷ হালধিযুক্ত গাখীৰত থকা এণ্টি বেক্টেৰিয়েল তথা এণ্টি ভাইৰেল গুণে চৰ্দি, কাহ, জ্বৰ আদিৰ পৰা বচাই ৰখাৰ উপৰিও ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷

২) পাচন ক্ৰিয়াত :
হালধিযুক্ত গাখীৰ সেৱনৰ ফলত মানৱ দেহৰ সম্পূৰ্ণ পাচনতন্ত্ৰ সক্ৰিয় হৈ পৰে৷ ফলত পাচনতন্ত্ৰ বিক্ৰিয়তাৰ কাৰণে সৃষ্টি হ’ব পৰা ভিন্ন ৰোগৰ পৰা ই দেহক ৰক্ষা কৰে৷

৩) গাঁঠিৰ বিষত :
হালধিৰ anti inflammatory গুণবিশিষ্টতাৰ বাবে ইয়াৰ নিয়মিত সেৱনে গাঁঠিৰ বিষ নিৰ্মূলত সহায় কৰে৷

৪) অনিদ্ৰা :
হালধিৰ সেৱনে স্নায়ুতন্ত্ৰ বিভিন্ন বিকাৰগ্ৰস্ততাৰ উপশম কৰাৰ লগতে অনিদ্ৰাৰ দৰে স্বাভাৱিক সমস্যাসমূহৰ পৰাও ৰক্ষা কৰে৷ ফলত স্মৃতিশক্তিৰো পৰিৱৰ্ধন হ’বলৈ ধৰে৷ অনিদ্ৰাৰ সমস্যাত ৰাতি শোৱাৰ সময়ত হালধিযুক্ত স্বৰ্ণদুগ্ধ পান কৰাটো বাঞ্ছনীয়৷

৫) মধুমেহ :
হালধিত থকা কাৰ্কুমিন নামৰ দ্ৰব্যবিধে শৰীৰৰ ৰক্তশৰ্কৰাৰ স্তৰ হ্ৰাস কৰাত সহায় কৰে৷ সেয়েহে ডায়েবেটিছ ৰোগীসকলৰ বাবে ই এক অত্যন্ত প্ৰয়োজনীয় উপাদান৷ ইয়াত থকা এণ্টিঅক্সিডেণ্ট গুণে মধুমেহ ৰোগীৰ অগ্নাশয় সক্ৰিয় কৰি ৰখাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷

সেয়েহে আহক, স্বৰ্ণদুগ্ধৰ অনন্য গুণ তথা উপকাৰিতাৰ গুৰুত্ব বুজি আজিৰে পৰাই ইয়াক সেৱন কৰোঁ। একাপ স্বৰ্ণদুগ্ধ‌ই যদি আপোনাক নিৰোগী তথা শক্তিশালী কৰি তোলে, তেন্তে এয়া সঁচাকৈয়ে কিমান ভাল কথা ভাবকচোন!

লেখক : ডাঃ নিতুল বৈশ্য

LEAVE A REPLY

Please enter your comment!
Please enter your name here