ৱাক্সিং নে ছেভিং! মুখৰ নোম গুচাবলৈ কোনবিধ বেছি কাৰ্যকৰী

0
6

শৰীৰৰ অবাঞ্ছিত নোমৰ পৰা মুক্ত পাবলৈ বহুতো মহিলাই ৱাক্সিং কৰে৷ এই অবাঞ্ছিত নোমৰ পৰা ৰক্ষা পাবলৈ ফেচিয়েল ৱাক্সিঙো কৰে বহুতেই৷ আনহাতে শৰীৰৰ আন অংশৰ তুলনাত মুখৰ ৱাক্সিং এদিন নহ’লেও বিপত্তি৷ মুখত ৱাক্সিং কৰাটো যথেষ্ট বেদনাদায়ক আৰু ক্ষতিকৰো৷ বিশেষজ্ঞৰ মতে মুখত ৱাক্সিং কৰাটো মুঠেই উচিত নহয়৷ যিসকলে নিয়মিত মুখৰ ৱাক্সিং কৰে, তেওঁলোকৰ অজানিতে মুখৰ বৃহৎ ক্ষতি হ’ব পাৰে৷ যাৰ ফলত ছালৰ জ্বলন, ৰুক্ষ, ৰাছ, শুষ্কতা আদি সমস্যাৰ উপৰি ছালত বাৰ্ধক্যৰ চিন সহজে পৰে৷ আমাৰ ছালখন ইলাষ্টিকৰ দৰে৷ অৰ্থাৎ টানিলে প্ৰসাৰিত হয় আৰু এৰি দিলে আগৰ অৱস্থালৈ ঘূৰি আহে৷ ৱাক্সিং কৰাৰ সময়ত ছালখন টান হৈ পৰে৷ দীৰ্ঘদিন ধৰি ক্ৰমাগত ছাল টান হৈ পৰাৰ পাছত ছালৰ স্থিতিস্থাপকতা নষ্ট হয়৷ যাৰ বাবে ছালখন কোঁচ খাই শোটোৰা শোটোৰ পৰিবলৈ লয় আৰু বলিৰেখাৰ সমস্যাই দেখা দিয়ে৷ ৱাক্সিঙৰ ফলত আপোনাৰ মুখত ইনগ্ৰোন হেয়াৰৰ উপদ্ৰৱ বাঢ়িব পাৰে৷ হাত-ভৰিৰ অংশত কিছুমান নোম ক’লা হৈ ভিতৰৰ ফালে সোমাই থাকে, এইবোৰক ইনগ্ৰোন হেয়াৰ বোলে৷ ইনগ্ৰোন হেয়াৰ বেছিকৈ থাকিলে ছালখন অমসৃণ হৈ পৰে৷ মুখৰ কমলতা বজাই ৰাখিবলৈ ৱাক্সিং এৰাই চলাই ভাল৷ ৱাক্সিং কৰাৰ ফলত মুখ ৰাছ হৈ পৰে৷ ৰঙা পৰি উঠে৷ ৱাক্সিং কৰাৰ সময়ত কোনো প্ৰসাধনীয় সামগ্ৰী ছালত ব্যৱহাৰ কৰিলে ছালখন পুৰি যোৱাৰ দৰে হয়৷ সেয়ে মুখৰ অবাঞ্ছিত নোম আঁতৰাবলৈ ৰেজাৰৰ ব্যৱহাৰ কৰক৷ ইয়াৰ উপৰি লেজাৰ হেয়াৰ ৰিমোভাৰ পদ্ধতিৰ সহায় ল’ব পাৰে৷ পোহৰৰ সহায়ত এই ক্ষেত্ৰত নোমকুপৰ গুৰি নষ্ট কৰি দিয়া হয়৷ এই পদ্ধতি চিৰস্থায়ী বুলি গণ্য কৰিলে পুষ্টিবিদে৷ আধুনিক লেজাৰ পদ্ধতি যন্ত্ৰণাহীন৷ সেয়ে বহুদিন ধৰি এই থেৰাপী গ্ৰহণ কৰিব পাৰে৷ এই থেৰাপী বেছ খৰচ সাপেক্ষও৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here