এটা অধ্যয়নত কোৱা হৈছে যে কভিড মহামাৰীৰ আগতে অতিমাত্ৰা বায়ু প্ৰদূষণৰ কবলত পৰা লোকসকলৰ কভিড-১৯ৰ ভেকচিনৰ এণ্টিবডি ৰেছ্পন্ছ কম হোৱা দেখা গৈছে৷ গৱেষকসকলে কয় যে বিশেষকৈ পি এম ২.৫, নাইট্ৰজেন ডাই-অক্সাইড আৰু ব্লেক কাৰ্বনৰ প্ৰভাৱৰ কাৰণে আগতীয়া সংক্ৰমণ নোহোৱা লোকৰ এণ্টিবডি ৰেছ্পন্ছ প্ৰায় ১০ শতাংশ কমা বুলি প্ৰমাণ পোৱা গৈছে৷ এনভাইৰনমেণ্টেল হেল্থ নামৰ আলোচনীখনত প্ৰকাশিত অধ্যয়নটোত মানুহৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থাত বায়ু প্ৰদূষণৰ বিৰূপ প্ৰভাৱৰ আন বহু উদাহৰণ, প্ৰমাণ দিয়া হৈছে৷ হাঁওফাঁওৰ কৰ্কট ৰোগ, হৃদৰোগ, শ্বাস-প্ৰশ্বাসৰ ৰোগ, বহুমূত্ৰ আদিকে ধৰি ভালেমান ৰোগৰ সৈতে বায়ু প্ৰদূষণৰ সম্পৰ্ক থকা বুলি অধ্যয়নটোত কোৱা হৈছে৷