ৰোগৰ পৰা মুক্তি পাবলৈ চাহত দিয়ক এচিকুট নিমখ

0
59

প্ৰায়ভাগ মানুহৰে দৈনন্দিন ৰুটিনত চাহ অবিচ্ছেদ্য অংশ৷ বিছনাৰ পৰা শুই উঠি দাঁত ব্ৰাছ কৰিয়েই কণ্ঠ নিতিতালৈকে চাহত চুমুক নিদিলে যেন দিনটোৰ একো কাৰ্যই সম্পূৰ্ণ নহয়৷ বহুতেই চাহ খোৱাৰ পাছতে আন কাম মনোনিৱেশ কৰিব পাৰে, এচামৰ আকৌ চাহ গলত নপৰালৈকে প্ৰাতঃকৰ্মই কৰিব নোৱাৰে৷ পুৱা উঠি চাহকাপ খোৱাটো এটা অভ্যাসত পৰিণত হয়৷ সাধাৰণতে চাহ প্ৰস্তুত কৰোতে চেনি মিহলাই সেৱন কৰা হয়৷ কিন্তু যদি চেনিৰ পৰিৱৰ্তে এচিকুট নিমখ দিয়া চাহ সেৱন কৰে, তেন্তে শৰীৰৰ কাৰণে উপকাৰী বুলি ধৰা হয়৷ নিমখ মিহলি চাহ সেৱন কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াত সহায় কৰে৷ এইধৰণৰ চাহ সেৱন কৰিলে গলৰ ব্যথা প্ৰতিৰোধ কৰা তথা বিভিন্ন ফ্লুৰ পৰা উপশম পাব পাৰি৷ আনহাতে নিমখ মিহলি চাহ সেৱন কৰাৰ ফলত শৰীৰক ঠাণ্ডা পোৱাৰ পৰা সকাহ দিয়ে৷ ইয়াৰ বাবে হিমালয়ান নিমখে ছাল সম্পৰ্কিত সমস্যাবোৰ সমাধান কৰিব পাৰে৷ এই নিমখ দিয়া চাহ খালে জিংক লাভ কৰিব পাৰে, যিয়ে ক্ষতিগ্ৰস্ত ছাল মেৰামতি বা ব্ৰুনৰ সমস্যা প্ৰতিৰোধ কৰাত সহায় কৰে৷ ছালখন উজ্জ্বল হোৱাত এই চাহ বিশেষ সহায় কৰে৷ চাহ নিমখ মিহলাই সেৱন কৰিলে মাইগ্ৰেন সম্পৰ্কিত সমস্যা নিৰাময় হোৱাৰ সহায় কৰে৷ এই চাহে মন আৰু শৰীৰ শিথিল কৰে৷ নিমখ মিহলি চাহে ষ্ট্ৰেচ হৰমনৰ পৰা মুক্ত কৰাত সহায় কৰে, যিয়ে অৱসাদ, চিন্তা, মানসিক চাপ কমাই ৰাখিব পাৰে৷ স্বাস্থ্য সমীক্ষা মতে নিমখ দিয়া চাহে শৰীৰক হাইড্ৰেটেড কৰি ৰখাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here