কাৰ্বহাইড্ৰেটযুক্ত ৰুটী আমাৰ শৰীৰৰ বাবে অতি আৱশ্যক৷ ভাত বা ৰুটীয়ে শৰীৰক শক্তিৰ যোগান ধৰাৰ লগতে শৰীৰ শক্তিশালী কৰাত সহায় কৰে৷ আনহাতে বহুতে ক’ব বিচাৰে যে ৰুটী খালে হেনো পেটৰ অসুবিধা হ’ব, অৰ্থাৎ পেটৰ কাৰণে ৰুটী ভাল নহয়৷ গেছ, এচিডিটি আদিৰ দৰে সমস্যাৰ নেপথ্যত ৰুটী কাৰণ হ’ব পাৰে নেকি সেই সম্পৰ্কে বিশেষজ্ঞই কিছু কথা জনাইছে৷ কিন্তু ৰুটী সঁচাই পেটৰ স্বাস্থ্যৰ বাবে ক্ষতিকৰনে? উল্লেখ্য যে বহুতৰে অতি প্ৰিয় ৰুটী হ’ল অন্যতম শ্ৰেষ্ঠ কাৰ্বহাইড্ৰেটৰ উৎস৷ যাৰ বাবে ৰুটী খালে খুব সহজে শৰীৰৰ শক্তিৰ অভাৱ নিমিষতে নোহোৱা কৰিব পাৰে৷ ইয়াৰ উপৰি ভিটামিন-বি২, ভিটামিন-বি১, ভিটামিন-বি৩, ভিটামিন-বি৬, ভিটামিন-ই, ছডিয়াম, পটাচিয়াম, আইৰন, মেগনেচিয়াম, ভিটামিন-ও খনিজ আদি উপাদান পোৱা যায়৷ সেয়ে নিয়মিতভাৱে ৰুটী খোৱাৰ ফলত দেহৰ পুষ্টিৰ অভাৱ দূৰ হয়৷ কিন্তু পুষ্টিবিদে জনোৱা মতে কিছু মানুহৰ ক্ষেত্ৰত ৰুটী খালে পেটৰ সমস্যা হ’ব বুলি ভাবি ৰুটী খাবলৈ বাদ দিয়ে৷ অৱশ্যে এই ধাৰণাৰ কোনো বিজ্ঞানভিত্তিক তথ্য নাই৷ বৰঞ্চ ৰুটীত মজুত থকা ফাইবাৰ অন্ত্ৰৰ কাৰণে উপকাৰী৷ ৰুটী খোৱাৰ ফলত ঠিকঠাকে বাওয়ল মুভমেণ্ট হয়৷ যাৰ কাৰণে কোষ্ঠকাঠিন্যৰ দৰে সমস্যা সমাধান কৰিব পাৰে৷ সেয়ে অহেতুক ৰুটীৰ পৰা দূৰত্ব বজাই ৰখা উচিত নহয়৷ ৰুটীত গ্লুটেন নামৰ এবিধ উপাদান পোৱা যায়৷ এই উপাদান সকলোৰ বাবে সহ্য নহ’বও পাৰে৷ যাৰ ফলত এই সমস্যাৰ ভুক্তভোগীয়ে ৰুটী খোৱাৰ ফলত গেছ, এচিডিটি, বমি, পাইখানাৰ চিকাৰ হ’ব পাৰে৷ এইসকলে ৰুটী এৰাই চলাই ভাল৷ ইয়াৰ উপৰি চেলিয়াক ডিজিজ, কোলাইটিছ, ইৰিটেবল, বাওয়ালৰ চিনড্ৰোমৰ ভুক্তভোগীয়ে ৰুটী খোৱাৰ ফলত পেট সমস্যাত ভুগিব পাৰে৷ আনহাতে শৰীৰৰ ওজন কমাবলৈ ৰুটী খাব পাৰে৷ এজন সুস্থ মানুহে দৈনিক ৫-৮ খন ৰুটী খাব পাৰে লগতে দিনে দুবেলা ৰুটী অনায়াসে খাব পাৰে৷