ৰাস্তাৰ কাষৰ গছবোৰতবগা ৰং দিয়াৰ ৰহস্য জানেনে?

0
466


দৈনন্দিন জীৱনত আমি এনে কিছু প্ৰত্যক্ষ কৰোঁ বা দেখো, যিবোৰ দেখি আমি আচৰিত তথা অবাক হৈ পৰে৷ যদিও এইধৰণৰ বস্তুবোৰ দেখিলে মনত প্ৰশ্ন জাগে, কিন্তু ইয়াৰ সঠিক কাৰণ আমাৰ বাবে বোধগম্য নহয়৷ তেনে এটা হ’ল ৰাস্তাৰ কাষৰ শাৰী শাৰীকৈ থকা গছবোৰত তল অংশত কিয় বগা ৰং দিয়া হয়৷ আপুনিও কেতিয়াবা বিচাৰিছেনে– এনেদৰে গছবোৰত বগা ৰং দিয়াৰ কাৰণ? ইয়াৰ আঁৰৰ ৰহস্য কি? আচলতে ইয়াৰ পাছত আছে বিজ্ঞান৷ ৰাস্তাৰ কাষৰ গছবোৰত বগা ৰং দিয়াৰ ক্ষেত্ৰত কেইবাটাও বৈজ্ঞানিক কাৰণ আছে৷ এই গছবোৰত ৰং দিয়াত চূণ ব্যৱহাৰ কৰা হয়৷ চূণ দি পেইণ্টিং কৰিলে বা ৰং দিয়াৰ ফলত গছবোৰৰ সকলো অংশতে বিয়পি যায়৷ ইয়াৰ ফলত গছডালত উঁইপোক অথবা আন পোক-পৰুৱাই অনিষ্ট কৰিব নোৱাৰাৰ বাবে গছডালৰ আয়ুসকাল বৃদ্ধি হয়৷ ইয়াৰ সমান্তৰালভাৱে চূণে গছৰ বাহিৰৰ স্তৰকো সুৰক্ষা প্ৰদান কৰে৷ বিশেষজ্ঞই কোৱা মতে গছৰ বাহিৰফালে চূণ লগালে ইয়াৰ বাকলি এৰাই নাযায় বা বাকলিৰ ফাট নেমেলে৷ যাৰ বাবে গছডাল মজবুত হৈ থাকে৷ গৱেষকে কোৱা মতে পেইণ্টিঙত ব্যৱহাৰ কৰা বগা ৰঙে সূৰ্যৰ ৰশ্মিৰ ক্ষতিৰ পৰা ৰক্ষা কৰে৷ বগা ৰঙৰ বাবে গথৰ কুমলীয়া অংশ সূৰ্যৰ ৰশ্মিৰ পৰা সুৰক্ষা লাভ কৰে৷ আনহাতে গছৰ বগা ৰং দিয়াৰ কাৰণটো আমাৰ নিৰাপত্তাৰ সৈতেও জড়িত৷ দুইলেন বা চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষেত্ৰত ৰাস্তাৰ যি ঠাই পোহৰ অথবা ষ্ষ্ট্ৰিট লাইট নাথাকে, সেই ঠাইৰ আশে-পাশে থকা গছত বগা ৰং দিয়া হয়৷ যি দিকনিৰ্দেশ হিচাপে কাম কৰে৷ য’ত গাড়ী চলাবলৈ চালকৰ একো অসুবিধা নহয়৷ ইয়াৰ লগতে গছত বগা ৰং কৰিলে বুজা যায় যে এই গছবোৰ বন বিভাগত তত্ত্বাৱধান তথা বনাঞ্চলৰ ভিতৰত আছে৷ বন বিভাগৰ বিনা অনুমতিত কোনো সাধাৰণ লোকে এই গছবোৰ কাটিব নোৱাৰে৷ গতিকে বন সুৰক্ষাৰ ক্ষেত্ৰতো এই বগা ৰঙে প্ৰভাৱ পেলায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here