ৰাতি টোপনি ভাল নোহোৱাৰ কাৰণ কি?

0
2403

গোটেই দিনটো পৰিশ্ৰম কৰাৰ পাছতো ৰাতি আপোনাৰ টোপনি কম হয় নেকি? শুবলৈ বহু চেষ্টা কৰিও আপোনাৰ টোপনি অহা নাই নেকি? তেন্তে এয়া Insomnia বা অনিদ্ৰাৰ লক্ষণ হ’ব পাৰে৷ বৰ্তমান সময়ত অনিদ্ৰা বহুতৰে বাবে এক গুৰুতৰ সমস্যাৰূপে দেখা দিছে৷ সাধাৰণতে বিভিন্ন ধৰণৰ মানসিক চাপ, দুশ্চিন্তা, বিষণ্ণতা, মানসিক আঘাত, বাৰ্ধক্যজনিত কাৰণ আদিৰ বাবে অনিদ্ৰা হ’ব পাৰে৷ ইয়াৰ উপৰি সন্ধিয়াৰ পৰত ধূমপান, অতিৰিক্ত কেফেইন বা এলক’হল সেৱন, খোৱা-শোৱাৰ সময় অনিৰ্ধাৰিত হ’লে, বহুদিনৰ শাৰীৰিক অসুস্থতা যেনে– বাতবিষ, কেঞ্চাৰ, হৃদৰোগ, বদহজম আদিৰ ফলতে এনে সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ অনিদ্ৰাৰ সমস্যা হ’লে ব্যক্তিজনৰ টোপনি কম হোৱাৰ লগতে খিংখিঙীয়া স্বভাৱৰ হৈ পৰে৷ ইয়াৰ ফলত অমনোযোগিতা, ক্লান্তিৰ ভাব, অস্থিৰতা আনকি স্মৰণ শক্তিৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰা দেখা যায়৷ ইনছ’মনিয়া হ’লে লগে লগে ডাক্তৰৰ ওচৰ চাপিব লাগে৷ তদুপৰি বিভিন্ন ধৰণৰ থেৰাপী, প্ৰাণায়াম, জীৱনশৈলীৰ পৰিৱৰ্তন, আনকি প্ৰাকৃতিকভাৱে কিছু কৌশল প্ৰয়োগ কৰিও অনিদ্ৰাৰ সমস্যা নিৰাময় কৰিব পৰা যায়৷ প্ৰাকৃতিক উপায় হিচাপে শোৱাৰ আগতে এটা আৰামদায়ক পৰিৱেশ সৃষ্টি কৰি ল’ব লাগে৷ কেতিয়াও ৰাতি শোৱাৰ সময়ত ম’বাইল ব্যৱহাৰ কৰিব নালাগে৷ টোপনি যোৱাৰ আগতে গৰম গাখীৰ খালে টোপনি ভাল হয়৷ নিয়মিত আধা ঘণ্টা সময় শৰীৰচৰ্চা কৰিলে টোপনি ভাল হয়৷ ধ্যানে মানুহৰ মনক শান্তি প্ৰদান কৰাৰ লগতে মানসিক চাপ কমোৱাত সহায় কৰে৷ গতিকে নিয়মিত ধ্যান কৰিলেও টোপনি ভাল হয়৷ ইয়াৰ উপৰি মদ্যপান কৰা, ধূম্ৰপান কৰা, দিনত শোৱা আদি বদ্‌ অভ্যাসবোৰ বাদ দিলেও টোপনি ভাল হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here