ৰাতি টোপনিত বহুতেই মুখেৰে কথা কৈ বা অস্পষ্টভাৱে ভোৰভোৰাই থকাৰ অভ্যাস আছে৷ এই সময়ত এনে লাগে যে টোপনি যোৱা মানুহজনে সাৰে থাকি আনৰ সৈতে কথা পাতি আছে৷ আপুনি লক্ষ্য কৰিলে পাছত দেখিব যে তেওঁ আৰামত শুই আছে৷ অৱশ্যে এইধৰণৰ সমস্যা টোপনি মাৰি থকা মানুহজনৰ কাৰণে বুজা সম্ভৱ নহয়৷ আন কোনোবাই এই বিষয়ে ক’লেহে তেওঁ শুনে৷ জানিব পৰা মতে এইধৰণৰ অভ্যাসৰ নেপথ্যত থাকে বিভিন্ন কাৰণ৷ সেই কাৰণসমূহ জানি থোৱা ভাল৷ বহু কাৰণত মানুহে টোপনিত কথা কয়৷ কি কাৰণ থাকিব পাৰে ইয়াৰ আঁৰত জানো আহক৷ দীৰ্ঘসময়ৰ শাৰীৰিক অসুস্থতাৰ বাবে বহুতেই টোপনিত মুখেৰে কিবা কিবি কৈ থাকে৷ কোনো কাৰণত মানসিক চাপত ভুগি আছে৷ আৰু ইয়াৰ প্ৰভাৱ পৰিব পাৰে টোপনিৰ ওপৰত৷ টোপনিতে কথা কোৱাৰ প্ৰৱণতা বাঢ়িব পাৰে ইয়াৰ ফলত৷ পৰ্যাপ্ত মাত্ৰাত টোপনি নাহিলেও বহুতেই এই সমস্যাত ভোগে৷ দেখিব টোপনিতে কাৰোবাৰ লগত কথা পতাৰ দৰে কৰি আছে৷ এই অভ্যাস কিদৰে নিৰাময় কৰিব৷ সাধাৰণতে দৈনিক এটা নিৰ্দিষ্ট সময়ত বিছনালৈ যাব আৰু টোপনিৰ পৰাও এটা নিৰ্দিষ্ট সময়ত উঠিবলৈ চেষ্টা কৰক৷ প্ৰাপ্তবয়স্কসকলে দৈনিক সাতৰ পৰা আঠ ঘণ্টা টোপনি মাৰক৷ তেতিয়াহ’লে এই সমস্যা কমাৰ সম্ভাৱনা থাকে৷ ৰাতি টোপনিৰ মৰাৰ আগতে গধুৰ খাদ্য গ্ৰহণ কৰিলেও এই সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ সেয়ে পৰাপক্ষত নিশা লঘু আহাৰ গ্ৰহণৰ অভ্যাস কৰক৷ সন্ধিয়া বা আবেলি চাহ বা কফিজাতীয় পানীয় সেৱন কৰাৰ ফলত গভীৰ টোপনি নাহে৷ সেয়ে টোপনিৰ মাজতে কথা কোৱাৰ প্ৰৱণতা বাঢ়ি যায়৷ টোপনিলৈ যোৱাৰ আগতে মোবাইল, লেপটপ আদিৰ ব্যৱহাৰ ত্যাগ কৰিব৷ বহু নিশালৈ মোবাইল চোৱাৰ অভ্যাসে এই সমস্যা বঢ়াই দিব পাৰে৷