ৰাতি কমোডত এফোটা নহৰু ৰাখকফল দেখি চমকি উঠিব

0
891


নহৰুৰ ঔষধি তথা খাদ্যগুণৰ তুলনা নাই৷ মছলা হিচাপে খোৱা নহৰুৱে আমাৰ স্বাস্থ্যৰক্ষা যথেষ্ট সহায় কৰাৰ লগতে নানা ৰোগ-ব্যাধিৰ পৰা শৰীৰক সুৰক্ষা প্ৰদান কৰে৷ কাহ, চৰ্দি, শৰীৰৰ ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি দুৰাৰোগ্য ৰোগ নিৰাময়ৰ বাবে নহৰুৰ ভূমিকা সৰ্বক্ষেত্ৰতে বিৰাজমান৷ খাদ্য হিচাপে ব্যৱহাৰ কৰাৰ উপৰি নহৰুক ঘৰুৱা আন কিছুমান কামতো ব্যৱহাৰ কৰিব পাৰোঁ৷ যাৰ ফলত বিভিন্ন ইনফেকশ্যন আদিৰ পৰাও হাত সাৰি থাকিব পাৰি৷ টয়লেট বা বাথৰূম পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত নহৰু ব্যৱহাৰ কৰিব পাৰি৷ ইয়াৰ পৰা কি লাভ হয় জানো আহক৷
নহৰুত এলিছিন নামৰ এবিধ পদাৰ্থ থাকে, য’ৰ পৰা নহৰুৰ উগ্ৰ গোন্ধ ওলায়৷ এই উপাদানবিধত এণ্টিবেক্টেৰিয়েল আৰু এণ্টিফাংগেল বৈশিষ্ট্য থাকে, যি বাথৰূমৰ পৰিষ্কাৰ ৰখাৰ লগতে বেক্টেৰিয়া আদিৰ পৰা সুৰক্ষা প্ৰদান কৰে৷
ইয়াৰ বাবে টয়লেটত নহৰু দুই পদ্ধতিৰে ব্যৱহাৰ কৰিব পাৰে৷ প্ৰথমে নহৰুৰ এটা ফোটা কমোডত ৰাতি পেলাই ৰাখক৷ অথবা যিসময়ত বাথৰূমৰ ব্যৱহাৰ কম হয় সেই সময়ত এইদৰে নহৰু এফোটা ৰাখি থ’ব৷ তাৰ পাছত কমোডত ফ্লাছ কৰি দিব৷ দ্বিতীয়তে, একাপ পানীৰ লগত নহৰু লৈ পানীখিনি গৰম কৰক৷ অলপ ঠাণ্ডা হোৱাৰ পাছত ৰাতি সেই পানীখিনি কমোডত ঢালি দিয়ক৷ পুৱা ভালদৰে ফ্লাছ কৰিব দিব৷ সপ্তাহত এইদৰে দুবাৰমান কৰিলে কমোডত জমা হোৱা বেক্টেৰিয়া আদিবোৰ ধবংস হোৱাৰ উপৰি কমোড পৰিষ্কাৰ হৈ উঠিব৷ হাততে ঢ়ুকি পোৱা, কম খৰচতে এই পদ্ধতি ব্যৱহাৰ কৰি আপোনাৰ বাথৰূমটো পৰিষ্কাৰ কৰি ৰাখিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here